হাউডী মোদী’ অনুষ্ঠানত উপস্থিত থকাৰ বাবে নাম পঞ্জীয়ন কৰিছে ৫০ হাজাৰ লোক - SANGBAD PRAHARI

Breaking

Responsive Ads Here

September 22, 2019

হাউডী মোদী’ অনুষ্ঠানত উপস্থিত থকাৰ বাবে নাম পঞ্জীয়ন কৰিছে ৫০ হাজাৰ লোক

মতুম দিল্লী : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আমেৰিকাত ‘হাউডী মোদী’ কাৰ্যসূচীত ৫০ হাজাৰৰো অধিক প্ৰবাসী ভাৰতীয়ক সম্বোধন কৰিব। এই অনুষ্ঠানত উপস্থিত থাকিব আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পো। ট্ৰাম্পে এই অনুষ্ঠানত কেতবোৰ বৃহৎ ঘোষণা কৰাৰ সম্ভাৱনা আছে। হিউষ্টনৰ এনআৰজি ষ্টেডিয়ামত হ’বলগীয়া এই কাৰ্যসূচীক লৈ চাৰিওফালে লগোৱা হৈছে পোষ্টাৰ।


ইয়াৰ পূৰ্বে ২০১৪ চনত মেডিচন স্কোৱেৰত মোদীয়ে দিছিল ভাষণ। উক্ত অনুষ্ঠানতকৈও ‘হাউডী মোদী’ কাৰ্যসূচী অধিক দৰ্শনীয় হ’ব বুলি আশা কৰা হৈছে। প্ৰধানমন্ত্ৰী হিচাপে মোদীয়ে প্ৰথমটো কাৰ্যকালত ২০১৪ চনত প্ৰথমবাৰৰ বাবে মেডিচন স্কোৱেৰত প্ৰবাসী ভাৰতীয়সকলক সম্বোধন কৰিছিল। তেতিয়া মোদীৰ ভাষণ শুনিবলৈ উপস্থিত হৈছিল ২০ সহস্ৰাধিক লোক।

‘হাউডী মোদী’ অনুষ্ঠানত উপস্থিত থকাৰ বাবে ৫০ হাজাৰ লোকে নাম পঞ্জীয়ন কৰিছে। আমেৰিকাস্থিত ভাৰতীয় ৰাষ্ট্ৰদূত হৰ্ষ ভি শ্ৰীংলাই শুকুৰবাৰে এন আৰ জি ষ্টেডিয়ামত অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লয়। এই সমাৰোহ সফল কৰিবলৈ ১৫ হাজাৰৰো অধিক স্বেচ্ছাসেৱকে দিন–নিশাই কাম কৰি আছে।

SPONSORED