অসম সন্তান হৃষিকেশ ৰয়ক উচচতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি - SANGBAD PRAHARI

Breaking

Responsive Ads Here

September 20, 2019

অসম সন্তান হৃষিকেশ ৰয়ক উচচতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি

নতুন দিল্লী : অসমবাসীৰ বাবে সুখবৰ৷ অহা ২৩ ছেপ্টেম্বৰত এজন অসমীয়া ন্যায়াধীশে শপত বাক্য পাঠ কৰাব আন এজন সুযোগ্য অসম সন্তান ন্যায়াধীশক৷ উচচতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে সবোর্চ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰাব ন্যায়াধীশ হৃষিকেশ ৰয়ক৷


দীর্ঘদিনীয়া প্রতীক্ষাৰ অন্তত কালি ৰাষ্ট্রপতিয়ে অসম সন্তান হৃষিকেশ ৰয়ক উচচতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়ে৷ প্রণিধানযোগ্য যে দীর্ঘদিন ন্যায় জগতখনৰ সৈতে জড়িত হৈ থকা ৰয়ক ২০১৮ চনৰ ৮ আগষ্টত কেৰালা উচচ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছিল৷ ইয়াৰ পূর্বে তেওঁ গুৱাহাটী উচচ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কার্যনির্বাহ কৰিছিল৷ ১৯৬০ চনৰ এক ফেব্রুৱাৰীত নামনি অসমৰ চাপৰত জন্মগ্রহণ কৰা ৰয়ে দিল্লী বিশ্ববিদ্যালয়ৰ পৰা এল এল বি ডিগ্রী লাভ কৰিছিল৷

২০০৪ চনলৈকে গুৱাহাটী উচচ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা ৰূপে কার্যনির্বাহ কৰা ৰয় ২০০৬ চনলৈকে গুৱাহাটী উচচ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ আৰু ২০০৮ চনত গুৱাহাটী উচচ ন্যায়ালয়ৰ ন্যায়াধীশৰ পদত অধিষ্ঠিত হৈছিল৷ এনে এজন সুযোগ্য অসম সন্তানে উচচতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰাটো অসমবাসীৰ বাবে গৌৰৱৰ বিষয় হৈ পৰিছে৷

SPONSORED