গুৱাহাটী : অসমীয়া ছবিক অস্কাৰৰ দুৱাৰডলিলৈ নিবলৈ সক্ষম হোৱা ৰাষ্ট্রীয় বঁটা বিজেতা পৰিচালক ৰীমা দাসৰ শেহতীয়া ছবি বুলবুল কেন ছিং আজি অসমৰ ছবিগৃহত মুক্তি লাভ কৰে৷ ইতিমধ্যে বহুকেইখন আন্তঃৰাষ্ট্রীয় চলচিচত্র মহোৎসৱত আন্তঃৰাষ্ট্রীয় পর্যায়ত মুক্তি দিয়া হৈছে৷
আনহাতে, অহা ২৭ ছেপ্টেম্বৰত ছবিখনে দেশজুৰি মুক্তি লাভ কৰিব৷ কালি গুৱাহাটী প্রেছ ক্লাবত এখন সংবাদমেল অনুষ্ঠিত কৰি পৰিচালক দাসে অসমত ছবিখনৰ বিশেষ প্রচাৰ চলাব নোৱৰাৰ কথা সদৰী কৰি ৰাজ্যৰ দর্শকে ছবিখন আদৰি ল’লেই তেওঁৰ কষ্ট সার্থক হ’ব বুলি আশা প্রকাশ কৰে৷ ভিলেজ ৰকষ্টার্ছৰ অভাৱনীয় সফলতাৰ পাছত নির্মাণ কৰা বুলবুল কেন ছিং নামৰ ছবিখনেও ইতিমধ্যে বার্লিন, টৰণ্ট’ আদি দেশ-বিদেশৰ প্রায় ৪০খন আন্তঃৰাষ্ট্রীয় চলচিচত্র মহোৎসৱত অংশগ্রহণ কৰি বিশেষভাৱে সমাদৰ লাভ কৰিবলৈ সক্ষম হয়৷
ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় পর্যায়ত ছবিখনে ইতিমধ্যে বহুকেইটা সন্মানো লাভ কৰিবলৈ সক্ষম হয়৷ ছবিখনে ইতিমধ্যে ৰাষ্ট্রীয় পর্যায়ত ৰজত কমল বঁটাও লাভ কৰিবলৈ সক্ষম হৈছে৷ ৬৬ সংখ্যক ৰাষ্ট্রীয় চলচিচত্র বঁটা অনুষ্ঠানত বুলবুল কেন ছিঙে শ্রেষ্ঠ আঞ্চলিক ছবিৰ সন্মান লাভ কৰে৷ আনহাতে, ছবিখনৰ চুমু নামৰ অন্যতম চৰিত্রটোত অভিনয় কৰি মনোৰঞ্জন দাসেও বঁটা লাভ কৰিবলৈ সক্ষম হৈছে৷
লক্ষ্যণীয় যে তিনিজন বন্ধু-বান্ধৱীৰ কৈশোৰ আৰু বয়ঃসন্ধি কালৰ পৰিচয় আৰু সমাজৰ সৈতে সৃষ্টি হোৱা সংঘাতৰ বাস্তৱমুখী আৰু আশাবাদী নিষ্পাপ প্রেম কাহিনীৰে নির্মাণ কৰা হৈছে বুলবুল কেন ছিং৷ ছবিখনৰ কাহিনী, চিত্রনাট্য আৰু নির্দেশনা ৰীমা দাসৰ৷ ছবিখনৰ দুটা বিশেষ চৰিত্রত অভিনয় কৰিছে ৰাজ্যৰ বলিষ্ঠ অভিনেতা-অভিনেত্রী ক্রমে মানৱেন্দ্র দাস আৰু পাকিজা বেগমে৷