ই-চিগাৰেট নিষিদ্ধ হ’ল ভাৰতত : কাৰাবাস, জৰিমনাও ঘোষণা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

September 20, 2019

ই-চিগাৰেট নিষিদ্ধ হ’ল ভাৰতত : কাৰাবাস, জৰিমনাও ঘোষণা

নতুন দিল্লী : কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে কালি এক সংবাদমেল যোগে জনোৱা মতে ভাৰত চৰকাৰে ই-চিগাৰেট (ইলেকট্ৰনিক চিগাৰেট) নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মন্ত্ৰীগৰাকীয়ে এই চিগাৰেট প্ৰস্তুত আৰু বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা ঘোষণা কৰা বুলি কয়৷


সংবাদমেলত কোৱা মতে তেওঁ এই নিয়ম উলংঘা কৰা লোকক শাস্তি হিচাপে এবছৰ কাৰাবাস আৰু এক লাখ টকা জৰিমনা বিহা হ’ব৷ কোনো ব্যক্তি পুনৰ ধৰা পৰিলে পৰৱৰ্তী সময়ত তিনি বছৰ কাৰাবাসৰ লগতে পাঁচ লাখ টকা জৰিমনা ভৰিব লাগিব৷ বিশেষকৈ যুৱপ্ৰজন্মৰ মাজত প্ৰচলিত এনে ধৰণৰ স্বাস্থ্যৰ বাবে হানিকাৰক সামগ্ৰী কেন্দ্ৰীয় চৰকাৰে নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷

ই-চিগাৰেটৰ লগত জড়িত উৎপাদন, আমদানি বা ৰপ্তানি, পৰিবহণ, বিক্ৰী, বিতৰণ, মজুত কৰণ আৰু বিজ্ঞাপন সন্দৰ্ভত নিষেধাজ্ঞাৰ কথা ঘোষণা কৰে বিত্ত মন্ত্ৰী সীতাৰমনে৷ ইতিমধ্যে দেশৰ বহুকেইখন ৰাজ্য যেনে পঞ্জাৱ, হাৰিয়ানা,কেৰালা, মিজোৰাম, কৰ্ণাটক আৰু জম্মু কাশ্মীৰত নিষিদ্ধ কৰা হৈছে ই-চিগাৰেট।

SPONSORED