বৰপেটাৰ বাঘবৰত জাল নোট জব্দ, মটৰ চাইকেল- চুৰি লেপটপ উদ্ধাৰ : আটক ২ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

September 6, 2019

বৰপেটাৰ বাঘবৰত জাল নোট জব্দ, মটৰ চাইকেল- চুৰি লেপটপ উদ্ধাৰ : আটক ২

বৰপেটা : বৰপেটাত উদ্ধাৰ হৈছে বৃহৎ পৰিমানৰ জালনোট৷ বৰপেটাৰ সীমান্ত শাখাৰ উপ আৰক্ষী অধীক্ষক অমৃত কলিতাৰ নেতৃত্বত গৰেমাৰী বজাৰত অভিযান চলাই আৰক্ষীয়ে উদ্ধাৰ কৰে ১ লাখ ৯৭ হাজাৰ ৫ শ টকাৰ জালনোট৷ আনহাতে জালনোট ব্যৱসায়ী চক্ৰৰ সৈতে জড়িত দুই ব্যৱসায়ীকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷ 


ধৃত দুই জালনোট ব্যৱসায়ীৰ নাম ৰকিবুল হুছেইন আৰু জোনাব আলী৷ ধৃত ৰকিবুল হুছেইনৰ ঘৰ বৰপেটাৰ বাঘবৰৰ দীঘিৰপাম গাঁৱত৷ আনহাতে বাঘবৰৰ ১নং বৰদলনি গাঁৱত ঘৰ জোনাব আলী নামৰ আনটো অভিযুক্তৰ৷ সম্প্ৰতি যুৱক দুজনে মটৰ চাইকেলৰ চীটৰ তলত অতি কৌশলেৰে লুকুৱাই আনিছিল নোটসমুহ৷ পিচত আৰক্ষীয়ে তালাচী চলাই মটৰ চাইকেলখনৰ চীটৰ তলত কৌশলেৰে লুকুৱাই থোৱা অৱস্থাত ৭৪ খন দুহেজাৰ টকীয়া নোট আৰু ৯৯ খন পাঁচশ টকীয়া নোট জব্দ কৰে আৰক্ষীয়ে৷ আৰক্ষীয়ে এএছ 01 এইউ 8295 নম্বৰৰ পালচাৰ মটৰ চাইকেলখনো জব্দ কৰিছে৷ 


ইপিনে ৰকিবুল হুছেইনৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে যুৱকজনৰ ঘৰৰ পৰা এটা চুৰি লেপটপ উদ্ধাৰ কৰে৷ যুৱকদুজনে কালি সন্ধিয়া সময়ত জালনোট সমূহ সলনি কৰাৰ উদ্দেশ্যে গৰেমাৰী বজাৰলৈ আহিছিল৷ ভাৰতীয় প্ৰকৃত টকাৰ সৈতে জালনোট সমূহ সলনি কৰাৰ উদ্দেশ্যৰে গ্ৰাহকৰ অপেক্ষাত থকাৰ সময়তে আৰক্ষীয়ে দুয়োকে গ্ৰেপ্তাৰ কৰে৷ ইপিনে জালনোট ব্যৱসায়ী চক্ৰটোক উৎখাতৰ বাবে অাৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

SPONSORED