ডাঃ দেৱেন দত্তৰ হত্যাকাণ্ডত জড়িত ৩১জনক আটক - SANGBAD PRAHARI

Breaking

Responsive Ads Here

September 6, 2019

ডাঃ দেৱেন দত্তৰ হত্যাকাণ্ডত জড়িত ৩১জনক আটক

গুৱাহাটী : যোৱা ৩১ আগষ্টত টীয়ক চাহ বাগিচাৰ চিকিৎসালয়ত এচাম উন্মাদ জনতাৰ গণ প্রহাৰত কৰুণ মৃতু্যক সাবটিব লগা হৈছিল বাগিচাৰ জ্যেষ্ঠ চিকিৎসক ডাঃ দেৱেন দত্তই৷ টীয়ক চাহ বাগিচাৰ চিকিৎসালয়ত মৃতু্যক সাবটিছিল ৭৩ বছৰীয়া জ্যেষ্ঠ চিকিৎসক ডাঃ দেৱেন দত্তই৷ উল্লেখযোগ্য যে এই ঘটনাৰ পাছতেই দেশজুৰি সৃষ্টি হৈছিল ব্যাপক প্রতিক্রিয়াৰ৷


ততাতৈয়াকৈ বাগিচাও লক আউট ঘোষণা কৰিছিল ৷ বর্বৰ আক্রমণৰ সময়ত আৰক্ষী প্রশাসন থকা অৱস্থাত পৰিস্থিতি নিয়ন্ত্রণ কৰাত ব্যর্থ হোৱাত পৰিয়ালৰ লোকে ইতিমধ্যে উদ্বিগ্নতা প্রকাশ কৰিছে৷ বর্তমানলৈকে আৰক্ষীয়ে ৩৯জন লোকক আটক কৰিছে৷ আজি আটক কৰা লোকজনৰ নাম ৰিংকু বাক্তি বুলি জানিব পৰা গৈছে৷ ইপিনে, ৰাজনৈতিক-অৰাজনৈতিক নেতাই পৰিয়ালৰ লোকক সমবেদনা জনাবলৈ ভিৰ কৰিছে৷

কালি সন্ধ্যা অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে প্রয়াত চিকিৎসক দেৱেন দত্তৰ পত্নীৰ সৈতে টেলিফ’নিক বার্লাপ কৰি কোনো দোষী সাৰি যাব নোৱাৰাৰ কথা ব্যক্ত কৰে৷ ইপিনে, আজি বিজেপিৰ মুখপাত্র জয়ন্ত দাস আৰু কৃষি বিপণন পৰিষদৰ অধ্যক্ষ পালিত কুমাৰ বৰা জগদুৱাৰস্থিত বাসগৃহত উপস্থিত হৈ পৰিয়ালক সমবেদনা জ্ঞাপন কৰে৷ বিয়লি লোক সভাৰ সাংসদ তপন গগৈ চিকিৎসকগৰাকীৰ গৃহত উপস্থিত হৈ নিৰপেক্ষ তদন্তৰ আশ্বাস দিওঁতে পৰিয়ালৰ লোকে কয় যে এই সমগ্র ঘটনাৰ তদন্তৰ ভাৰ নিৰপেক্ষ ব্যক্তিক অর্পণ কৰক৷

আৰু প্রথম অৱস্থাত যিগৰাকী অতিৰিক্ত উপায়ুক্ত শুভম গোৱালাক নিয়োগ কৰিছিল তেওঁৰ ওপৰত পৰিয়ালে অসন্তুষ্টি ব্যক্ত কৰে৷ তেওঁক এই দায়িত্বৰ পৰা অব্যাহতি দিবলৈ জগদুৱাৰৰ ৰাজহুৱা সভাতো দাবী উত্থাপন হৈছিল৷ ইপিনে সাংসদগৰাকীয়ে সমবেদনা জনোৱাৰ লগতে এই ঘটনাৰ উচিত তদন্ত হ’ব বুলি আশ্বাস দিয়ে আৰু কঠোৰ শাস্তিৰ সন্মুখীন হ’ব বুলিও মন্তব্য কৰে৷ ইপিনে কালি সদৌ অসম আদিবাসী ছাত্র সন্থা যোৰহাট জিলা সমিতিয়ে টীয়ক চাহ বাগিচাত আইন সংক্রান্তীয় এক সজাগতা সভা আয়োজন কৰে আৰু ভৱিষ্যতে কোনো কাৰণত আইন হাতত তুলি নল’বলৈ ৰাইজক আহ্বান জনায়৷

যোৱা ৩১ আগষ্টৰ দিনা সংঘটিত হোৱা নাৰকীয় ঘটনাৰ পাছতেই সংগঠনটো এই পদক্ষেপক সহযোগিতা আগবঢ়াইছে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুর্মি, টীয়ক পৌৰসভা তথা প্রশাসনে৷ উক্ত সভাত বাগিচা অঞ্চলৰ ৰাইজক আইন সম্পর্কে কিছু বুজনি দি বর্তমান অসমৰ বিভিন্ন বাগানৰ চিকিৎসালয়সমূহত ডাক্তৰসকলৰ নিৰাপত্তাৰ ওপৰতো আলোকপাত কৰে৷ চিকিৎসকসকলে দৰাচলতে বাগান কর্তৃপক্ষৰ হেঁচাতহে বাগানৰ চাকৰিৰ পৰা অব্যাহতি ল’ব খুজিছে বুলি মন্তব্য কৰিছে আছাৰ নেতাই৷

উল্লেখযোগ্য যে আলফাই এনেবোৰ বর্বৰ ঘটনাৰ সম্পর্কে কৰা মন্তব্যত প্রতিক্রিয়া প্রকাশ কৰিছে সংগঠনটোৱে৷ আলফাৰ প্রতি গঠনমূলক কামত তেওঁলোকে পূর্ণ সহযোগিতা আগবঢ়াই অহাৰ সত্ত্বেও আলফাৰ খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ ক্ষেত্রত যি সকীয়নি দিছে তাক তেওঁলোকে অতি দুর্ভাগ্যজনক বুলি সদৰী কৰিছে আৰু সকলো মিলি এক বৰ অসম গঢ়াৰ বাবে আলফাক আহ্বান জনাইছে৷

SPONSORED