এইবাৰ অসমত নহয় লোক পিয়ল - SANGBAD PRAHARI

Breaking

Responsive Ads Here

September 6, 2019

এইবাৰ অসমত নহয় লোক পিয়ল

নতুন দিল্লী : এইবাৰ অসমত লোকপিয়ল বা জনগণনা নহয়হ্ল ২০২০ চনৰ এক এপ্রিলৰ পৰা ৩০ ছেপ্টেম্বৰলৈকে সমগ্র দেশতে জনসংখ্যাপঞ্জী প্রস্তুত কৰাৰ বাবে কাম আৰম্ভ হ’ব যদিও এই প্রক্রিয়াত অসমক অন্তর্ভুক্ত কৰা হোৱা নাই৷ অসমত নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম চলি থকাৰ বাবেই কেন্দ্রীয় গৃহ মন্ত্র্যালয়ে লোকপিয়লৰ সমগ্র প্রক্রিয়াটোৰ পৰা অসমক আঁতৰাই ৰাখিছে৷


দেশৰ মহাপঞ্জীয়কে এখন ৰাজপত্রিত জাননীযোগে এই কথা প্রকাশ কৰিছে৷ প্রণিধানযোগ্য যে প্রতি দহ বছৰৰ মূৰে মূৰে দেশত লোকপিয়ল হয়৷ সমগ্র দেশতে ঘৰে ঘৰে গৈ বিভিন্ন তথ্য সংগ্রহ কৰি প্রস্তুত কৰা হয় জনসংখ্যাপঞ্জী৷ পৰৱর্তী সময়ত এই লোকপিয়লৰ তথ্যৰ ওপৰত নির্ভৰ কৰিয়েই দেশৰ অর্থনীতি আগ বাঢ়ে৷ পিছে এইবাৰ নাগৰিকপঞ্জীৰ বাবে অসমত নির্দিষ্ট সময়ত লোকপিয়ল নকৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে৷

অৱশ্যে অসমত পৰৱর্তী সময়ত লোকপিয়ল কৰা হ’ব নে নহয় বা কৰিলে কেতিয়াকৈ কৰা হ’ব, সেই সন্দর্ভত কোনো তথ্য প্রকাশ কৰা নাই কেন্দ্রই৷ ইয়াৰ পৰিৱর্তে সময়ত পৃথককৈ ৰাজপত্রিত জাননীৰ জৰিয়তে সমগ্র বিষয়টো স্পষ্ট কৰিব বুলিহে প্রকাশ কৰিছে৷ মহাপঞ্জীয়কে প্রকাশ কৰা ৰাজপত্রিত জাননীখনত উল্লেখ কৰা হৈছে যে নাগৰিকত্ব অধিনিয়ম ২০০৩ নিয়ম তিনি আৰু উপ-নিয়ম চাৰিৰ অধীনত কেন্দ্রীয় চৰকাৰে জনসংখ্যাপঞ্জী প্রস্তুত কৰে৷

এই নিয়মৰ ধাৰা চাৰি (এ) অনুসৰি অসমত ৰাষ্ট্রীয় নাগৰিকপঞ্জী উন্নীতকৰণ হৈ থকাৰ পৰিপ্রেক্ষিতত নাগৰিকৰ পৰা আৱেদন-পত্রৰ যোগেদি ব্যক্তি আৰু পৰিয়ালৰ তথ্য সংগ্রহ কৰি থকা হৈছে৷ সেয়েহে ধাৰা চাৰিৰ অধীনত দেশৰ আন আন ৰাজ্যত ঘৰে ঘৰে গৈ তথ্য সংগ্রহ কৰা হ’ব যদিও এই প্রক্রিয়াত অসমক অন্তর্ভুক্ত নহয়৷ মহাপঞ্জীয়কৰ এই জাননীৰ পৰাই স্পষ্ট হৈ পৰিছে যে এইবাৰ দেশৰ আন আন ৰাজ্যত লোকপিয়ল হ’লেও অসমত লোকপিয়ল হোৱাৰ কোনো সম্ভাৱনা নাই৷

SPONSORED