১১ অক্টোবৰত মুক্তি পাব যতীন বৰাৰ ‘ৰত্নাকৰ : যতীন-বৰষাৰ প্ৰচাৰৰ ধুমুহা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

September 21, 2019

১১ অক্টোবৰত মুক্তি পাব যতীন বৰাৰ ‘ৰত্নাকৰ : যতীন-বৰষাৰ প্ৰচাৰৰ ধুমুহা

গুৱাহাটী :  অহা ১১ অক্টোবৰত মুক্তি পাব যতীন বৰাৰ ‘ৰত্নাকৰ’৷ ইফালে ‘কাঞ্চনজংঘা’ৰ উছাহ-উদ্দীপনা অব্যাহত থকাৰ সময়তে ব্যাপক প্রচাৰ চলিছে জে বি প্রডাকশ্যনৰ বেনাৰত নির্মিত যতীন বৰাৰ বহু চর্চিত ছবি ‘ৰত্নাকৰ’ৰ৷ জুবিনৰ পাছত এইবাৰ ছবি প্রচাৰৰ বাবে কলেজে কলেজে ঘূৰি ফুৰিছে যতীন৷ কালি তেজপুৰৰ চাৰিখন শিক্ষানুষ্ঠানত যতীন বৰাই তেওঁৰ চিনেমাৰ দলটোক লগত লৈ ব্যাপক প্রচাৰ চলায়৷


যতীন বৰাৰ লগত তেওঁৰ সহধর্মিণী তথা ছবিখনৰ অন্যতম প্রযোজক নৱনীতা শর্মা, চলচিচত্রখনৰ নায়িকা বৰষাৰাণী বিষয়াকে ধৰি ভালেকেইগৰাকী শিল্পী-কলা-কুশলীয়ে অংশগ্রহণ কৰি ছবিৰ প্রচাৰ চলায়৷ ইতিমধ্যে ৰত্নাকৰৰ গীতে দর্শক-শ্রোতাক বিশেষভাৱে আকর্ষিত কৰিছে আৰু বিনা পাৰিশ্রমিকত বন্বুূ জুবিন গার্গে ছবিখনৰ সংগীত পৰিচালনা তথা কণ্ঠদান কৰিছে বুলি তেজপুৰত জুবিনৰ প্রশংসাত পঞ্চমুখ হৈ পৰে যতীন৷

তেওঁ কয় যে ‘ৰত্নাকৰ’ ছবিখনে যুৱ চামক যিদৰে আকর্ষিত কৰিব, ঠিক তেনেদৰে সকলো শ্রেণীৰ দর্শককে এখন মনোৰঞ্জনধর্মী চলচিচত্রত থাকিব লগা উপাদানেৰে সন্তুষ্ট কৰিবলৈ সক্ষম হ’ব৷ ছবিখন চোৱাৰ পাছত দর্শকে কেতিয়াও অসন্তুষ্ট নহ’ব বুলি তেওঁ গভীৰ বিশ্বাসী বুলিও সাংবাদিকৰ আগত মন্তব্য কৰে৷ ইফালে বৰষাৰাণী বিষয়াই কয় যে নৃত্য আৰু অভিনয়ৰ বাহিৰে জীৱনত আৰু একোৱেই কৰিব নোৱাৰিলে তেওঁ৷ কিন্তু এই দুয়োটা ৰূপতে ৰাইজে তেওঁক গ্রহণ কৰে৷ সেয়েহে কেতিয়াবা অভিনয়ৰ পৰা অৱসৰ লোৱাৰ কথা মনলৈ আহিলেও পুনৰ দুগুণ উৎসাহেৰে আকৌ অভিনয় কৰিবলৈ মন যায়৷


কিয়নো মানুহে যিদৰে নতুন নতুন ফেশ্বনৰ সাজ-পোছাক গ্রহণ কৰিলেও সুন্দৰ ফুলৰ মেখেলা-চাদৰৰ প্রতি বিশেষ আগ্রহ দেখুৱায়, ঠিক তেনেদৰে পুৰণি শিল্পীকো দর্শকসকলে আজিও পচন্দ কৰে৷ ইফালে কিছু কাব্যিক পৰিৱেশৰ সৃষ্টি কৰি বৰষাই শিক্ষার্থীসকলক কয় যে আজি নাৱত উঠি ভেঁটফুলৰ পুখুৰীত পৰিভ্রমণ কৰা যেন লাগিছে৷ চৌপাশে যেন কেৱল ফুলি থকা ভেঁটফুলহে প্রত্যক্ষ কৰিছে তেওঁ৷

এই বক্তব্য প্রদান কৰে তেজপুৰ মিছন চাৰিআলিস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয় চৌহদত৷ কিয়নো উক্ত মহাবিদ্যালয়ৰ ছাত্রীসকলে বেঙুনীয়া ইউনিফর্ম পৰিধান কৰি অংশগ্রহণ কৰিছিল অনুষ্ঠানত৷ কন্যা মহাবিদ্যালয়ৰ উপৰি কালি তেজপুৰৰ দৰং মহাবিদ্যালয়, তেজপুৰ মহাবিদ্যালয় আৰু তেজপুৰ কেন্দ্রীয় বিশ্ববিদ্যালয়ত ‘ৰত্নাকৰ’ চলচিচত্রৰ প্রচাৰ কার্য চলায়৷ প্রচাৰৰ সময়ত শিল্পীসকলৰ লগতে হাজাৰ হাজাৰ শিক্ষার্থীয়ে চলচিচত্রখনৰ জনপ্রিয় গীত আওৰাই উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে৷

বিশ্বনাথ চাৰিআলি :‘ৰত্নাকৰ’ৰ প্রচাৰৰ বাবে আজি বিশ্বনাথ মহাবিদ্যালয়ত উপস্থিত হয় যতীন বৰা, বৰষাৰাণী বিষয়াসহ ছবিখনৰ শিল্পীসকল৷ বৰষাৰাণীৰ জন্মদিনৰ লগত সংগতি ৰাখি আজিৰ দিনটোত বিশেষভাৱে ছবিখনৰ প্রচাৰ চলোৱা বুলি মন্তব্য কৰে অভিনেত্রীগৰাকীয়ে৷

চতিয়া :‘ৰত্নাকৰ’ প্রচাৰৰ বাবে আজি চতিয়া মহাবিদ্যালয়ত উপস্থিত হয় যতীন বৰাৰ টীম ৰত্নাকৰ৷ চতিয়া মহাবিদ্যালয়ৰ তৰফৰ পৰা দলটোক আদৰণি জনোৱাৰ লগতে মহাবিদ্যালয়ৰ ছাত্র-ছাত্রী, প্রবক্তা আৰু চতিয়াৰ সাংস্কৃতিকপ্রেমী অজস্র লোকে ভিৰ কৰেহি মহাবিদ্যালয়ৰ প্রাংগণত৷

উত্তৰ জামুগুৰিহাট : জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়তো উপস্থিত হয়হি ‘ৰত্নাকৰ’ৰ পৰিচালক, অভিনেতা যতীন বৰা, অভিনেত্রী বৰষাৰাণী বিষয়া আৰু সহশিল্পীসকল৷ প্রিয় অভিনেতা-অভিনেত্রীসকলক ওচৰত পাই উৎফুল্লিত হৈ পৰে মহাবিদ্যালয়খনৰ ছাত্র-ছাত্রীসকল৷

SPONSORED