জি এছ টি পৰিষদৰ বৈঠক: যান-বাহন খণ্ডক পুনৰ হতাশ, হোটেল উদ্যোগলৈ সকাহ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Saturday, September 21, 2019

জি এছ টি পৰিষদৰ বৈঠক: যান-বাহন খণ্ডক পুনৰ হতাশ, হোটেল উদ্যোগলৈ সকাহ

গুৱাহাটী : জি এছ টি পৰিষদৰ বৈঠকত দেশৰ হোটেল উদ্যোগক সকাহ দি হোটেলৰ ৰূমৰ ভাৰাত আৰোপ কৰা কৰ কর্তন কৰা হয়৷ আনহাতে কেফিনযুক্ত পানীয়ত আৰোপ কৰা কৰ পৰিষদে ৪০লৈ বৃদ্ধি কৰে৷ পৰিষদৰ বৈঠকৰ পাছত বিত্ত মন্ত্রী নির্মলা সীতাৰমণে এই কথা ঘোষণা কৰে৷ তেওঁ কয় যে কেফিনযুক্ত পানীয়ত জি এছ টি ২৮লৈ বৃদ্ধি কৰা হৈছে৷


ইয়াৰ লগতে অতিৰিক্ত ১২ উপকৰ আৰোপ কৰা হৈছে৷ আনহাতে তেওঁ হোটেলসমূহক সকাহ দি এই বুলি কয় যে হোটেলৰ কোঠাৰ এদিনত ১০০০ টকাৰ কম ভাৰাত কোনো জি এছ টি আৰোপ কৰা নহয়৷ আনহাতে এদিনত ১০০১ টকাৰ পৰা ৭৫০০ টকালৈকে ভাৰাত আৰোপ কৰা জি এছ টিৰ হাৰ ১৮ৰ পৰা ১২লৈ হ্রাস কৰা হৈছে৷

ইয়াৰ লগতে এদিনত ৭৫০০ টকাৰ অধিক ভাৰাত আৰোপ কৰা জি এছ টি ২৮ৰ পৰা ১৮লৈ হ্রাস কৰা হৈছে৷ আউটড’ৰ কেটাৰিঙৰ জি এছ টিৰ হাৰ বর্তমানৰ ১৮ৰ পৰা ৫লৈ হ্রাস কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে৷ আনহাতে ১৩খন আসনলৈকে ১২০০ চি চিৰ পেট্রল চালিত গাড়ীত আৰোপ কৰা উপকৰ ১লৈ আৰু ১৫০০ চি চিৰ ডিজেল চালিত গাড়ীত আৰোপ কৰা উপকৰ ৩লৈ হ্রাস কৰা হৈছে৷

উল্লেখযোগ্য যে এনে ধৰণৰ গাড়ীত সর্বাধিক ২৮ উপকৰ আৰোপ কৰা হৈছিল৷ আনহাতে সামগ্রী পেকিঙত ব্যৱহাৰ কৰা বোৱা আৰু নোবোৱা পলিথিনৰ বেগৰ ক্ষেত্রত জি এছ টিৰ হাৰ সম পৰিমাণৰ ১২ আৰোপ কৰা হৈছে৷ ৰে’লৱেৰ মালবাহী আৰু যাত্রীবাহী দবা, ৰলিং ষ্টকৰ জি এছ টি ৫ৰ পৰা ১২লৈ বৃদ্ধি কৰা হৈছে৷ বাদামৰ গাখীৰৰ জি এছ টি ১৮ কৰা হৈছে৷ শ্লাইড ফাষ্টেনাৰৰ (জিপ৲ছ) জি এছ টিৰ হাৰ ১৮ৰ পৰা ১২ কৰা হৈছে৷ ভাৰতত উৎপাদন নকৰা কিছুমান বিশেষ প্রতিৰক্ষা সামগ্রীক জি এছ টিৰ পৰা ৰেহাই দিয়া হৈছে৷

অলংকাৰ ৰপ্তানিত এতিয়াৰ পৰা জি এছ টি আৰোপ কৰা নহয়৷ এৰিয়েটেড ড্রিংক৲ছ নির্মাতাসকল কম্প’জিট স্কীমৰ অধীনলৈ অহাৰ প্রয়োজন নহ’ব৷ পৰিষদে বছৰি দুই কোটি টকাৰ কম লেনদেন কৰা ক্ষুদ্র ব্যৱসায়ীসকলক জি এছ টি ৰিটার্ন দাখিলৰ পৰা ৰেহাই দিয়ে৷ ইয়াৰ লগতে শুকান তেতেলি, গছৰ পাত, ফুলৰ পৰা তৈয়াৰ কৰা কাপ প্লেটৰ জি এছ টিৰ হাৰ শূন্য কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷ জি এছ টিৰ এই নতুন হাৰ অহা ১ অক্টোবৰৰ পৰা কার্যকৰী হ’ব৷

SPONSORED