চেতনাবোধ আৰু আত্মাৰ লগত মধুৰ সম্পৰ্ক ৰাখিলে উৎকৃষ্ট কবিতা সৃষ্টি কৰিব পাৰি— আনিছুজ জামান
গুৱাহাটী : চেতনাবোধ আৰু আত্মাৰ লগত মধুৰ সম্পৰ্ক ৰাখিলে উৎকৃষ্ট কবিতা সৃষ্টি কৰিব পাৰি৷ এই মন্তব্য— বিশিষ্ট কবি, সাহিত্যিক আনিছুজ জামানৰ৷ বুধবাৰে এক নান্দনিক আৰু আড়ম্বৰপূৰ্ণ পৰিৱেশত গুৱাহাটী প্ৰেছ ক্লাৱত পৰাগজ্যোতি প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত কবি ৰুমা ভট্টাচাৰ্যৰ দ্বিতীয়খন কাব্যগ্ৰন্থ ‘জীয়া শিলৰ কথাৰে’ শীৰ্ষক শেহতীয়া কাব্যগ্ৰন্থখনিৰ উন্মোচনী অনুষ্ঠানৰ উন্মোচক হিচাপে অংশগ্ৰহণ কৰি লোকসাহিত্য আৰু লোকসংস্কৃতিৰ ওপৰত বিশ্লেষণ আগবঢ়াই তেও আৰু কয়— আজিৰ চামে লোক সাহিত্য আৰু লোকসংস্কৃতিৰ ওপৰত অধ্যয়ন নকৰে৷ লোক সাহিত্য আৰু লোকসংস্কৃতিয়ে নিজ নিজ জাতি-জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰাৰ লগতে সাহিত্যৰ ভড়াল চহকী কৰি তোলে৷ সেয়ে আজিৰ চামক এই বিষয়সমূহৰ ওপৰত অধ্যয়ন কৰাৰ লগতে প্ৰথিতযশা সাহিত্যিক-শিল্পীসকলৰ প্ৰতি শ্ৰদ্ধা ৰাখি আগবাঢ়ি যাবলৈ আহ্বান জনায়৷
অসমৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান কে. ভি. সিং দেউৱে বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা অনুষ্ঠানটিত কটন মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত মূৰব্বী অধ্যাপক সাহিত্যচাৰ্য উপেন্দ্ৰ নাথ শৰ্মাই অংশগ্ৰহণ কৰি কবি আৰু কবিতা সম্পৰ্কে মধুৰ মন্তব্য আগবঢায়৷
ইয়াৰোপৰি অনুষ্ঠানটিত সদৌ ভাৰত কলা পৰিষদৰ প্ৰধান সম্পাদিকা, নাট্যচাৰ্য পখিলা কলিতা, বিষ্ণপুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ ৰাষ্ট্ৰীয় সভাপতি দিশম এল. সিংহ, বিশিষ্ট সমালোচক-অনুবাদক বিপুল দেউৰীয়েও সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কবি ৰুমা ভট্টাচাৰ্যৰ কবিতাসমূহ উন্নত মানদণ্ডৰ বুলি মত পোষণ কৰাৰ লগতে পাঠক সমাজে এনে কবিতা আদৰি ল’ব বুলি আশা প্ৰকাশ কৰে৷
সাংবাদিক-প্ৰকাশক দীপক শৰ্মাই আঁত ধৰা অনুষ্ঠানটিত আৰক্ষী বিভাগৰ ডি আই জি বিষ্ণু প্ৰসাদ ৰাভা, আৰক্ষী অধীক্ষক হৃদয়জিৎ বৰ্মণ, অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদক প্ৰফুল্ল বৰ্মন, লেখিকা এলিজা শৰ্মা, অৱসৰপ্ৰাপ্ত অৱৰ সচিব তথা লেখক যোগেশ দাস, কবি বিমল নাৰায়ন বৰ্মনেও অংশ লয়৷
ইপিনে অনুষ্ঠানত কবি ৰুমা ভট্টাচাৰ্যই নিজৰ মন্তব্যত কয় যে— কাব্যৰ পথাৰত ‘জীয়া শিলৰ কথাৰে’ তেওঁৰ দ্বিতীয় খোজ৷ পূৰ্বে প্ৰকাশ পোৱা প্ৰথমখন কাব্যগ্ৰন্থ ‘ভালপোৱাৰ প্ৰথম সুৱাস’ৰ প্ৰতি পাঠক সমাজে জনোৱাৰ সঁহাৰি-আশীৰ্বাদৰ বাবেই আজিৰ এই দ্বিতীয়খন কাব্যগ্ৰন্থ৷ আনহাতে ‘সেওঁতাৰ মাছবোৰকো’ শীৰ্ষক তৃতীয়খন কাব্যগ্ৰন্থ অতি শীঘ্ৰেই পাঠক সমাজে লাভ কৰিব পাৰিব বুলি নিজৰ মন্তব্যত জানিবলৈ দিয়ে৷
No comments:
Post a Comment