তুলসীৰ তলে তলে মৃগপহু চৰে
তাকে দেখি ৰামচন্দ্ৰই হৰধনু ধৰে
নধৰিবা শৰধনু সীতাই দিছে ডাক
তুলসী তুলসী অ’ আই তুলসী
তুমি গোবিন্দ প্ৰিয়া
গোঁসাই কোন পন্থে গ’লে আই তুলসী
শীঘ্ৰে সমিধান দিয়া।
আহিন আৰু কাতিৰ সংক্ৰান্তিৰ দিনা কাতি বিহু৷ কাতি বিহু বুলি কলেই মনত পৰে, তুলসী ভেটিটোলৈ৷ প্ৰতিঘৰ মানুহৰ ঘৰত এজোপা তুলসী গছ থকাটো হিন্দু সংস্কৃতিৰ পৰম্পৰা। উত্তৰ ভাৰতৰ হিন্দু সকলে গোটেই মাহটো তুলসীৰ তলত চাকি জ্বলাই পূজা কৰে। ভাৰতীয় সংস্কৃতিত সেইদিনা তুলসীৰ গুৰিত পানী দিয়াটো পৰম্পৰাগত লক্ষ্মী দেৱীৰ পূজা বুলি কোৱা হয়। কাৰণ বিষ্ণুৰ ভাৰ্যা লক্ষ্মীৰ আন এটা নাম তুলসী। তুলসী পূজা মানে হৈছে লখিমী পূজা। অসমৰ বিভিন্ন জনগোষ্ঠীৰ লোকে কাতি বিহুক লখিমী আদৰা উৎসৱ হিচাপে পালন কৰা দেখা যায়। উজনি অসমত কাতি বিহুৰ দিনা তুলসীৰ তলত চাকি বন্তি জ্বলাই ‘তুলসী নাম’ গায়। কাতি বিহুত অসমীয়া মানুহে তুলসী গছ ৰোৱে। তুলসীক সেৱা কৰে। আহিনৰ সংক্ৰান্তিত চোতালত তুলসী ৰুই ইয়াৰ গুৰিত চাকি-বন্তি জ্বলোৱা হয়। মাহ-প্ৰসাদৰ শৰাই আগবঢ়োৱা হয়। মৰ্তত বিৰিন্দাদেৱীৱে তুলসী ৰূপে জন্ম লাভ কৰে আৰু তুলসী সকলোৰে দ্বাৰা পূজিত হয়। সেইবাবে হয়তো কাতি বিহুত তুলসীৰ পুলি ৰুই চাকি-বন্তি জ্বলায়। হাড়ক মাটি আৰু তেজক পানী কৰি কপালৰ ঘাম মাটিত পেলাই অশেষ কষ্ট কৰি কৰা ধানৰ খেতিডৰাই কৃষকৰ মনলৈ আশাৰ বতৰা কঢ়িয়াই আনে। সেউজীয়া পথাৰখনে কৃষকৰ মূখত হাঁহি বিৰিঙায়।
অসমীয়া বিহুকেইটা হৈছে কৃষি ভিত্তিক উৎসৱ। অসমৰ প্ৰায় আশী শতাংশই খেতিয়ক। খেতিয়কৰ কৃষিয়ে মূল আধাৰ। প্ৰতিটো বিহুৱে কৃষকৰ আপোন মনৰ দাপোন। ইয়াৰ লগত জড়িত হৈ আছে অসমৰ গ্ৰাম্য জীৱনৰ প্ৰতিচ্ছবি। ইপিনে বিহু হৈছে জনজীৱনৰ দাপোন, বাপতি সাহোন।কাতি বিহুত মানুহৰ আহু ধান শেষ হয়, শালি ধানো চপাবৰ নহয়৷ সেইবাবে তেতিয়া মানুহৰ খোৱাত টান পৰে৷ গতিকে এই বিহুক কঙালী বিহু বোলে৷ এই বিহু উৎসৱৰ লগত জড়িত হৈ আছে চহা-জীৱনৰ কৃষ্টিৰ ৰহঘৰা। ৰঙালী বা ভোগালী বিহুৰ দৰে ই ৰং ৰইচৰ উৎসৱ নহয় যদিও ইয়াত জড়িত হৈ আছে লোক বিশ্বাস আৰু লোক জীৱনৰ আশা-আকাংক্ষা।
আহিন মাহত পথাৰ সেউজীয়া হৈ পৰে। সঁজাল ধৰা ধানে গেঁৰ মেলিবলৈ ধৰে। লখিমী সগৰ্ভা হৈ পৰে। অকল অসমীয়া সমাজে নহয়, বিভিন্ন জনগোষ্ঠীৰ লোকে কাতি বিহু লখিমী আদৰা উৎসৱ হিচাপে পালন কৰে। কাতি বিহুৰ দিনা ৰাতিপুৱাই জীৱৰী-বোৱাৰীয়ে ঘৰ-চোতাল গোবৰ মাটিৰে মচি পৰিষ্কাৰ কৰে। গৃহস্থই গেঁৰ মেলা ধাননি ডৰাত ঔৰ খোল আৰু মাটিৰ চাকি জ্বলায়। এই খেতিডৰাক বিভিন্ন পোক-পৰুৱা, চৰাই-চিৰিকটিৰ পৰা ৰক্ষা কৰাৰ বাবে পথাৰত তুলসী ৰুই চাকি বন্তি জ্বলোৱা হয়। চাকিৰ পোহৰত কৃষিৰ অনিষ্টকাৰী পোক-পাৰুৱাবোৰ জুইত জাহ যায় আৰু কৃষিডৰা ৰক্ষা পৰে বুলি জনবিশ্বাস আছে।
জাতীয় জীৱনৰ ৰন্ধ্ৰে ৰন্ধ্ৰে জড়িত হৈ থাকে লোক বিশ্বাস আৰু লোক পৰম্পৰা। পথাৰত একোটা মাটিৰ চাপ কৰি তাত তুলসী গছ ৰুই মাহ, বুট, চাউল, কুঁহিয়াৰ, ৰবাব টেঙা আৰু তামোল-পাণ দি নৈবেদ্য আগবঢ়ায়। গধূলি চাকি বন্তি জ্বলাই পথাৰখন পোহৰাই ৰাখে। ধানৰ গোচাতকৈ ওখ কৰি বাঁহ বা মৰাপাটৰ ঠাৰি তিনিটাত গোজ মাৰি চাকি জ্বলায়। ধাননি পথাৰখন চাকিৰ পোহৰত জিলিকি উঠে। অ’ত ত’ত জ্বলি থকা চাকিবোৰে যেন সেইদিনা পথাৰখন পোহৰাই লখিমীক নিমন্ত্ৰণ কৰে। পথাৰত চাকি দিয়াৰ উপৰি- তামোলৰ তল, নাৰিকলৰ তল, পদূলি, ভঁৰাল ঘৰ, গোহালি ঘৰ, গৰাল, ৰান্ধনি ঘৰ আদি চাকি জ্বলাই পোহৰাই তোলে। যাতে লখিমী আহি উপচি পৰে।
অসমীয়াৰ অস্তিত্ব আৰু স্বকীয়তা শূন্যত খেপিয়াই ফুৰা পণ্ডিতে পথাৰত ৰোৱা গেঁৰেলী নহ’লেও অথবা ধানৰ থোক নোলালেও কাতি বিহু পাতে৷ পিছে, সর্বভাৰতীয় উৎসৱবোৰৰ কলেৱৰ বৃদ্ধি হৈ অসমীয়া কৃষ্টিক হেঁচা মাৰি ধৰাত খেদৰ কাৰণ দেখা নাপায়৷ কাতি বিহু কঙালী বুলি অথবা কঙালী কৃষ্টিৰ আত্মীয়তা সাৰোগত কৰি অসমীয়া জাতি চিৰতৰে জীয়াই থকাৰ সংকল্প ল’বলৈ নেতৃত্বৰ অভাৱ৷ দিছপুৰে জাতীয় চৰিত্রৰ ওপৰত জাপি দিবলৈ শংকৰদেৱে বর্জন কৰা ধর্ম-সংস্কৃতিৰ আমদানি ঘটাবলৈ উদ্যোগ লোৱা পৰিলক্ষিত হওঁতে কাতি বিহুৰ আগমনলৈ সুকীয়া দৃষ্টি দিওঁ৷ কঙালী কৃষ্টিৰ সংজ্ঞা বদলি কৰোঁ৷ নতুন প্রজন্মৰ দিবাস্বপ্নলৈ শুধৰণি আগবঢ়াওঁ৷ কাতি বিহুত পৰিপূর্ণ ভঁৰালৰ সপোন ৰচনা কৰোঁ৷ এই কাতিৰ বিহুৰ পৰম্পৰাগত বিশ্বাসৰ মাজতেই ঘৰে ঘৰে লখিমী আহি উপচি পৰক তাৰেই কামনা কৰিলো৷
No comments:
Post a Comment