বৰ্তমান অসমত আন এটা অপসংস্কৃতিয়ে বৰ দৃঢ়ভাৱে গা-কৰি উঠিছে৷ সেয়া হ'ল ইংৰাজী নতুন বছৰক আদৰাৰ উৎসৱ৷ আমি সৰু হৈ থাকোঁতে এই কথাবোৰে গাঁৱে-ভূঞে প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাছিল৷ চহৰ-নগৰৰ লোকসকলৰ মাজতেই এই উৎসৱ সীমাৱদ্ধ আছিল৷ কিন্তু বৰ্তমান ই ইমানকৈ সিয়াঁই পৰিল যে গাঁৱৰ ডেকা-বুঢ়া প্ৰায় সকলোৱে ইয়াক আমাৰ জাতীয় উৎসৱকৈও বেছিকৈ পালন কৰা দেখা যায়৷
বৰ্তমান অত্যাধুনিক সমাজৰ অধিকাংশ লোকে আকৌ এই উৎসৱক উপভোগ্য কৰি তুলিবলৈ মদ মাংস, উশৃঙ্খল নৃত্য-গীত আদিকেই বুজি পায়৷ এইক্ষেত্ৰত পুৰুষৰ সমানে সমানে মহিলা সকলো সিদ্ধহস্ত৷ ফলত সমাজখন কোনফালে ধাৱমান তাক নতুনকৈ কোৱাৰ প্ৰয়োজন নাই নিশ্চয়৷
এই নতুন বছৰ বুলি কেইটামান মূহূৰ্ততে কিমানৰ জীৱন ধ্বংস হয় তাৰ হিচাপ আজিকালি ৰখা টান৷ আমি এই কথাবোৰ সদায় পাহৰি যাওঁ, যিসময়ত আমি এই উৎসৱ বোৰক বিজতৰীয়া কৰি উপভোগ কৰোঁ তেতিয়া আমাৰ আশে-পাশে হাজাৰ লোকে এমুঠি ভাতৰ বাবে, ঠাণ্ডাত এখন কাপোৰৰ বাবে হাহাঁকাৰ কৰি থাকে৷ পাহৰি যাওঁ কিমান লোকে জীৱন যুঁজত যুঁজি যুঁজি ভাগৰুৱা হয়৷ সেইসকল লোকৰো বহুত আশা আকাংক্ষা থাকে, বহুতৰ হৃদয়ত হাহাকাৰ আছে, আছে হেৰুৱাৰ আৰ্তনাদ৷ যিবোৰ আমি আমাৰ উখলমাখলত পাহৰি পেলাওঁ৷
প্ৰতিজন লোকৰে সুখ উপভোগ কৰা অধিকাৰ আছে৷ কিন্তু মই ভাৱি নাপাওঁ, উপভোগ মানে কেৱল মদ মাংস, ভোজভাত, উচ্চস্তৰৰ নৃত্য-গীত নেকি ? আমি এই উৎসৱ সমূহ বেলেগকৈ পালন কৰিব নোৱাৰোঁ নেকি ? মই ভাৱোঁ , এই দিনবোৰত আমি কোনোবা ভোকাতুৰ এজনক এমুঠি খোৱাই, বস্ত্ৰহীন এজনক এখন বস্ত্ৰ দিওঁ সুখ লব নোৱাৰোঁ নেকি ? অৱশ্যে আজিকালি বহুতো মানৱতাবাদী যুৱপ্ৰজন্মই এই কাম নকৰা নহয়৷ আপুনি মই আশা কৰিলেই পুৰণা বছৰটোৱে আমাৰ দুখ বা সমস্যাবোৰ দূৰ কৰি লৈ নাযায় বা আমি আশা কৰিলেই নতুন বছৰটোৱে সুখ সমৃদ্ধি লৈ নাহে৷
“ ব্যক্তিৰ সুখ সমৃদ্ধি নিৰ্ভৰ কৰে সুপৰিকল্পনা , সুচিন্তা আৰু সুদক্ষতাৰ ওপৰত ৷” গতিকে নতুন বছৰক সুপৰিকল্পনা আৰু সুচিন্তাৰে আদৰণি জনাওঁক৷ আপোনাৰ লগতে আনৰো উপকাৰৰ কথা চিন্তা কৰক৷ পৃথিৱীখন সুখত থাকিলেহে আমিও সুখত থাকিব পাৰিম৷
No comments:
Post a Comment