নতুন বছৰটোৰ প্ৰথম দিনাই বাঢ়িল ৰন্ধন গেছৰ মূল্য, যাত্ৰাবাহী ৰে’লৰ ভাড়া - SANGBAD PRAHARI

Breaking

Responsive Ads Here

January 1, 2020

নতুন বছৰটোৰ প্ৰথম দিনাই বাঢ়িল ৰন্ধন গেছৰ মূল্য, যাত্ৰাবাহী ৰে’লৰ ভাড়া

গুৱাহাটী : নতুন বছৰটোৰ প্ৰথম দিনাই বাঢ়িল ৰন্ধন গেছৰ মূল্য। ৰাজসাহাৰ্যবিহীন এলপিজি চিলিণ্ডাৰৰ মূল্য বাঢ়িল ১৯টকাকৈ।গুৱাহাটীত ৰাজসাহাৰ্যবিহীন ১৪.২কিলোগ্ৰামৰ চিলিণ্ডাৰৰ মূল্য ৭৪৪.৫০টকালৈ বৃদ্ধি হৈছে।দিল্লী আৰু মুম্বাইত প্ৰতি চিলিণ্ডাৰত দাম বাঢ়িল ১৯টকা আৰু ১৯.৫টকাকৈ।


ইপিনে বাঢ়িল যাত্ৰাবাহী ৰে’লৰ ভাড়া।এই বৰ্ধিত ভাড়াই দূৰণীবটীয়া যাত্ৰীসকলক অধিক প্ৰভাৱিত কৰিব।নতুন নিৰিখ অনুসৰি, এই বৃদ্ধি প্ৰতি কিলোমিটাৰত ১ পইচাৰ পৰা ৪ পইচা পৰ্য্যন্ত হৈছে।ৰাজধানী, শতাব্দী, দুৰন্ত, বন্দে ভাৰত, তেজচ, হাম ছফৰ, গতিমান আৰু গৰীৱ ৰথৰ টিকটত বেছি প্ৰভাৱ পৰা দেখা যাব।ইয়াৰ পূৰ্বে ২০১৪-২০১৫ চনত ৰে’লভাড়া বঢ়োৱা হৈছিল।

No comments:

Post a Comment

SPONSORED