১৬, ১৭ আৰু ১৮ জানুৱাৰীত জোনবিল মেলা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

January 2, 2020

১৬, ১৭ আৰু ১৮ জানুৱাৰীত জোনবিল মেলা

গুৱাহাটী : তিৱাসকলৰ প্রাচীন সাংস্কৃতিক ঐতিহ্য-পৰম্পৰা অনুসৰি অহা ১৬, ১৭ আৰু ১৮ জানুৱাৰীত তিনিদিনীয়া বর্ণাঢ্য কার্যসূচীৰে অনুষ্ঠিত হ’ব তিৱা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা৷ গোভা দেওৰজা জোনবিল মেলা উন্নয়ন সমিতি, ৰাজ পাৰিষদবর্গ আৰু ৰাজ দৰবাৰৰ সিদ্ধান্ত অনুসৰি বিগত বর্ষৰ দৰে এইবেলিও পাহাৰ-ভৈয়ামৰ জাউতিযুগীয়া সম্প্রীতি আৰু পৰম্পৰা অক্ষুণ্ণ ৰাখি ঐতিহাসিক জোনবিলৰ পাৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব সমন্বয়ৰ এই জোনবিল মেলা৷


কালি গোভা দেওৰজাৰ বাসগৃহত অনুষ্ঠিত এখন সংবাদমেলত জোনবিল মেলা সন্দর্ভত জানিবলৈ দিয়ে গোভা দেওৰজা জোনবিল মেলা উন্নয়ন সমিতিৰ বিষয়ববীয়াই৷ সংবাদমেলত মেলা উন্নয়ন সমিতিৰ সাধাৰণ সম্পাদক জুৰসিং বৰদলৈকে ধৰি ৰজাৰ অন্যান্য বা-বিষয়া উপস্থিত থাকে৷ মেলাৰ প্রথমদিনা পতাকা উত্তোলনৰ পাছত গোভা দেওৰজাই ডা-ডাঙৰীয়া সমন্বিতে জোনবিলৰ পাৰত খাব প্রীতিভোজ৷ সেইদিনা পাহাৰৰ পৰা উৎপাদিত কৃষি সামগ্রী আদা, হালধি, আলু, কচু লৈ নামি আহিব পাহাৰৰ মামা-মামীসকল৷ দ্বিতীয় দিনা কাহিলি পুৱাতে অনুষ্ঠিত হ’ব পাহাৰ-ভৈয়ামৰ সমন্বয় আৰু সম্প্রীতি ঐতিহাসিক বিনিময় প্রথাৰ হাট৷

অনুষ্ঠিত হ’ব জোনবিলত সমূহীয়া মাছ মৰা পর্ব, সাংস্কৃতিক কার্যসূচী ইত্যাদি৷ মেলাৰ অন্তিম দিনা অনুুষ্ঠিত হ’ব তিৱা ৰজা দৰবাৰ৷ আকর্ষণীয় এই অনুষ্ঠানত গোভা দেওৰজাকে ধৰি মধ্য অসমৰ পৰম্পৰাগত সাতোৰজা আৰু পাঁচোৰজাই অংশগ্রহণ কৰিব৷ এই ৰাজদৰবাৰত মুখ্য অতিথি হিচাপে অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালকে ধৰি কেইবাজনো মন্ত্রী-বিধায়কে অংশগ্রহণ কৰিব বুলি জনাইছে জোনবিল মেলা সমিতিয়ে৷

মেলা সমিতিয়ে তিৱা ৰজাসকলক বর্ধিত হাৰত ৰাজভাত্তা প্রদান কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্রীক আহবান জনায়৷ একেদৰে প্রাকৃতিক তথা মানৱসৃষ্ট বিভিন্ন কাৰকৰ হেতু ক্রমে বাম হৈ পৰা জোনবিলৰ খনন তথা প্রদূষণমুক্ত কৰিবৰ বাবেও চৰকাৰক আর্থিক সাহায্য প্রদানৰ আহবান জনায় সংবাদমেলত৷ জোনবিল মেলাত শান্তিপূর্ণ বাতাৱৰণ অক্ষুণ্ণ ৰখাৰ স্বার্থত অহা ১২ জানুৱাৰীৰ পৰা ১৮ জানুৱাৰীপর্যন্ত অসমৰ জাতীয় দল-সংগঠনক কোনো ধৰণৰ অসম বন্ধ অথবা চকা বন্ধৰ দৰে কার্যসূচী গ্রহণ নকৰিবলৈ আহবান জনায় জোনবিল মেলা সমিতিয়ে৷

No comments:

Post a Comment

SPONSORED