বাক্সাত ভূমি বিবাদকলৈ সংঘৰ্ষ : আহত ১৩ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Sunday, January 12, 2020

বাক্সাত ভূমি বিবাদকলৈ সংঘৰ্ষ : আহত ১৩

বৰপেটাৰোড : ভূমি বিবাদক কেন্দ্ৰ কৰি দেওবাৰে আবেলি বৰপেটাৰোডৰ সমীপৰ বাক্সা জিলাৰ বংশীবাৰী গাওঁত দুটা পক্ষৰ মাজত তুমুল সংঘৰ্ষৰ সৃষ্টি হয়৷ এই সংঘৰ্ষত মুঠ ১৩ জনকৈ লোক গুৰুতৰ ভাৱে আহত হয়৷
প্ৰাপ্ত অভিযোগ মতে গাওঁখনৰ তছলিমুদ্দিন নামৰ লোকজনে ভালেমান বছৰ পূৰ্বে প্ৰায় এক বিঘা মাটি ক্ৰয় কৰি ঘৰবাৰী বনোৱাৰ বাবে চেষ্টা কৰোতেই তেওঁলোকৰ পৰা ফয়েজ উদ্দিন, মকিবৰ, আব্দুল শোভান আৰু ফজল হকে ৬০ হেজাৰ টকা বিচাৰে৷ সেয়া দিবলৈ অস্বীকাৰ কৰি তছলিমুদ্দিনে ৰাইজৰ আগত গোচৰ দিয়ে৷


আজি দুজনকৈ গাওঁবুঢ়াৰ উপস্থিতি হোৱা সমাজৰ সভাই তেওঁৰ পক্ষত ৰায় দিয়াত খৰ্গহস্ত হৈ পৰে ধনদাবী কৰা দলটোৱে৷ সেয়ে তেওঁলোকে তছলিমুদ্দিনৰ পৰিয়ালৰ ওপৰত আক্ৰমণ কৰে৷ ফলত দুই পক্ষৰ মাজত তুমুল সংঘৰ্ষৰ সৃষ্টি হয়৷ এই সংঘৰ্ষৰ ফলত আব্দুল কালাম (৩০)¸ দিলোৱাৰ হুছেইন (৩২), হায়দৰ আলী (৩৫)¸ ময়নাল হক (৪০), ছামচ উদ্দিন (৪০), জাহানাৰা খাতুন (৩৮), অজুফা খাতুন (২৮), শ্বজিৰণ নেছা (৩৫), তছলিম উদ্দিন (৪২) আহত হয়৷

আনহাতে আক্ৰমণকাৰী দলৰ চৰিফউদ্দিন, জৰিফউদ্দিন, ছাদ্দাম হুছেইন আৰু জয়ফল নেছা আহত হয়৷ আহত লোক সকলক বৰপেটাৰোডৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷ ইয়াৰে কেইজন মানৰ অৱস্থা গুৰুতৰ হোৱাত বৰপেটাস্থিত মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয়৷ ইপিনে এই ঘটনা সম্পৰ্কত অভিযুক্ত লোক সকলৰ বিৰুদ্ধে গোৱৰ্ধনা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে৷

No comments:

Post a Comment

SPONSORED