প্ৰথম শ্বহীদৰ আত্মবলিদানস্থলীৰ পৰা প্ৰতিবাদী জোঁৰ সমদল - SANGBAD PRAHARI

Breaking

Responsive Ads Here

January 12, 2020

প্ৰথম শ্বহীদৰ আত্মবলিদানস্থলীৰ পৰা প্ৰতিবাদী জোঁৰ সমদল

সঞ্জীৱ দাস, ভৱানীপুৰ : 
কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে চৰম প্ৰতাৰণা আৰু প্ৰৱঞ্চনাৰে ঐতিহাসিক অসম চুক্তিক নস্যাৎ কৰি অসমীয়া জাতিলৈ ভাবুকিৰ সৃষ্টি কৰা জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন-২০১৯ ৰ বাতিলৰ দাবীত আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত ভৱানীপুৰ আঞ্চলিক ছাত্ৰ সন্থাই জোঁৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰে। 


অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ আত্মবলিদানস্থলী ভৱানীপুৰ শ্বহীদ ভৱনৰ পৰা আজি সন্ধিয়া নাগৰিকত্ব সংশোধনী আইন-২০১৯ৰ তীব্ৰ বিৰোধিতাৰে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক তীব্ৰ ভাষাৰে গৰিহনা দি চৰকাৰবিৰোধী নানান প্লে' কাৰ্ড, শ্লগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীয়ে। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ ভৱানীপুৰ আঞ্চলিক সমিতিকে ধৰি স্থানীয় দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানে আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত সহযোগ কৰে।

No comments:

Post a Comment

SPONSORED