‘খেলাে ইণ্ডিয়া ইয়ুথ গেমছ- ২০২০’ : ১৩ জানুৱাৰীৰ পৰা থলুৱা খেল-ধেমালি আৰু সাংস্কৃতিক সমাৰােহ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

January 12, 2020

‘খেলাে ইণ্ডিয়া ইয়ুথ গেমছ- ২০২০’ : ১৩ জানুৱাৰীৰ পৰা থলুৱা খেল-ধেমালি আৰু সাংস্কৃতিক সমাৰােহ

গুৱাহাটী : খেলাে ইণ্ডিয়া ইয়ুথ গেমছ- ২০২০ আৰু অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ তৰফৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে থলুৱা খেল-ধেমালি আৰু সাংস্কৃতিক সমাৰােহ ১৩ জানুৱাৰীৰ পৰা গুৱাহাটীৰ সৰুসজাই ক্রীড়া প্রকল্পত আৰম্ভ হ'ব।


খেলাে ইণ্ডিয়া ইয়ুথ গেমছ- ২০২০ৰ অংশ হিচাপে অনুষ্ঠিত হ'বলগীয়া সাংস্কৃতিক কার্যসূচী ১৩ জানুৱাৰী ২০২০ বিয়লি ৪ বজাত আনুষ্ঠানিকভাৱে মুকলি কৰিব কেন্দ্রীয় চৰকাৰৰ ক্ৰীড়া যুৱ পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্রী (স্বতন্ত্র) কিৰণ ৰিজিজুৱে।
উল্লেখযােগ্য যে উত্তৰ পূর্বাঞ্চল আৰু দেশৰ অন্যান্য ৰাজ্যৰ লগতে অসমৰাে ভালেকেইখন জিলাৰ পৰা সাংস্কৃতিক দলে কাৰ্যসূচীত অংশ গ্রহণ কৰিব। আমাৰ দেশৰ বর্ণাঢ্য সাংস্কৃতিক পৰম্পৰাই দেশখনৰ অনৈক্যৰ মাজত ঐক্যৰ আদৰ্শৰে প্রতীয়মান কৰি তুলিব থলুৱা খেল-ধেমালি আৰু লােক সংস্কৃতিক।

No comments:

Post a Comment

SPONSORED