লখিমপুৰত বিশাল জোঁৰ সমদল - SANGBAD PRAHARI

Breaking

Responsive Ads Here

January 30, 2020

লখিমপুৰত বিশাল জোঁৰ সমদল

লখিমপুৰ : সংশোধিত নাগৰিকত্ব আইন বাতিলৰ লগতে আন্তঃৰাজ্যিক পাৰপত্র প্রৱর্তন কৰাৰ দাবীত লখিমপুৰত অসম জাতীয়তাবাদী যুৱ পৰিষদে জোঁৰ সমদল কৰে৷ কা-বাতিলৰ দাবীত ধাৰাবাহিক প্রতিবাদ অব্যাহত ৰখাৰ সমান্তৰালভাৱেই অসমত আন্তঃৰাজ্যিক পাৰ-পত্র শীঘ্রেই প্রৱর্তন কৰাৰ দাবীৰে অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদ উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিৰ উদ্যোগত তথা ৰাইজৰ সহযোগত ‘অসম ৰক্ষা যাত্রা’ নামৰ কার্যসূচীৰে লখিমপুৰ নগৰৰ মাজেৰে জোঁৰ লৈ বিশাল সমদল কৰে৷



সংগঠনটোৰ লগতে গ্রামাঞ্চলৰ ৰাইজে এই প্রতিবাদী কার্যসূচীত অংশগ্রহণ কৰি লখিমপুৰ জিলা পৰিষদৰ কার্যালয়ৰ সমীপৰ পৰা জিলাৰ উপায়ুক্তৰ কার্যালয়ৰ সন্মুখেৰে দৈনিক বজাৰ হৈ নগৰৰ মাজেদি প্রায় ৩ কিল’মিটাৰ অতিক্রমী জোঁৰ সমদল সমাপ্ত কৰে৷ কা-বিৰোধ আৰু আন্তঃৰাজ্যিক পাৰপত্র প্রৱর্তনৰ দাবীত চৰকাৰ-বিৰোধী বিভিন্ন শ্ল’গানেৰে লখিমপুৰৰ আকাশ-বতাহ কঁপাই তোলে৷

No comments:

Post a Comment

SPONSORED