বিশিষ্ট সাহিত্যিক শশী শর্মা আৰু নাই - SANGBAD PRAHARI

Breaking

Responsive Ads Here

January 29, 2020

বিশিষ্ট সাহিত্যিক শশী শর্মা আৰু নাই

গুৱাহাটী : বিশিষ্ট সাহিত্যিক-সমালোচক, বাওঁপন্থী চিন্তাধাৰাৰ বাহক শশী শর্মা আৰু নাই৷ আজি নিশা প্রায় ৯-৩০ বজাত নলবাৰীৰ মুকুন্দ কাকতী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত বিশিষ্ট লেখক-সমালোচকজনে শেষ নিশ্বাস ত্যাগ কৰে৷ তেওঁৰ বয়স হৈছিল ৮৮ বছৰ৷

৮০ খনৰো অধিক গ্রন্থৰ প্রণেতা শর্মাই ছোভিয়েট দেশ নেহৰু বঁটাৰ লগতে অন্যান্য বহুতো বঁটা বাহন তেওঁৰ কর্মৰাজিৰ বাবে লাভ কৰিছিল৷ পৰিসমাপ্তি ঘটিল এক সংগ্রামী সত্তাৰ৷ শশী শর্মা– অসমৰ বৌদ্ধিক জগতৰ এটা পৰিচিত নাম৷ অনেক তত্ত্বগধুৰ লেখাৰে অসমৰ ভাষা-সাহিত্যলৈ অনৱদ্য বৰঙনি আগবঢ়াই থৈ গৈছে৷ এইগৰাকী বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ, সমালোচক শশী শর্মাৰ জন্ম হৈছিল ১৯৩২ চনৰ ৩ অক্টোবৰত নলবাৰী জিলাৰ জানিগোগ (কৰেবাৰী) গাঁৱৰ এটি দুখীয়া ব্রাহ্মণ পৰিয়ালত৷ এওঁৰ পিতৃ প্রয়াত সর্বানন্দ শর্মা আৰু মাতৃ প্রয়াত লক্ষ্মী দেৱী৷



শশী শর্মাৰ ছাত্র জীৱন আৰম্ভ হৈছিল অময়াপুৰ মজলীয়া বিদ্যালয়ত৷ ১৯৪৪ চনত তেওঁ নলবাৰী গর্ডন স্কুলত মাধ্যমিক শিক্ষাৰ পাতনি মেলে৷ ১৯৫০ চনত প্রৱেশিকা পৰীক্ষাত উত্তীর্ণ হৈ নলবাৰী মহাবিদ্যালয়ত নামভর্তি কৰে আৰু ১৯৫৭ চনত অসমীয়া বিষয়ত স্নাতকোত্তৰ পৰীক্ষাত উত্তীর্ণ হয়৷ ১৯৫৭ চনৰ ১৭ আগষ্টত তেল শোধনাগাৰ আন্দোলনত যোগ দি কাৰাবাস খাটিবলগীয়া হয় তেওঁ৷ ১৯৫৫ চনত ১৪ মাহ তেওঁ টংলা হাইস্কুলত শিক্ষকতা কৰিছিল৷

১৯৫৬ চনৰ ১৫ মার্চৰ পৰা ১৯৫৭ চনৰ ১৫ আগষ্টলৈ তেওঁ নলবাৰীৰ দেৱীৰাম পাঠশালা হাইস্কুলত শিক্ষকতা কৰে৷ ১৯৫৮ চনত তেওঁ শিৱসাগৰৰ বৰহাট স্কুলৰ চাকৰি বাদ দি অভয়াপুৰী কলেজত যোগদান কৰে৷ ১৯৫৯ চনত শশী শর্মাই ডিগবৈ কলেজত যোগদান কৰে যদিও ১৯৬১ চনৰ ২৭ ফেব্রুৱাৰীত এই চাকৰিও বাদ দি নলবাৰী মহাবিদ্যালয়ত যোগদান কৰে৷ ১৯৬১ চনৰ ১ মার্চৰ পৰা সুদীর্ঘ ৩২ বছৰ কাল নলবাৰী কলেজত শিক্ষকতা কৰি ১৯৯৩ চনৰ ১ মার্চত চাকৰিৰ পৰা অৱসৰ গ্রহণ কৰে৷

ৰাজনৈতিক আৰু সামাজিক দিশতো শশী শর্মা আছিল অতি সচেতন ব্যক্তি৷ প্রয়াত ত্রৈলোক্যনাথ গোস্বামীৰ অনুপ্রেৰণাত শশী শর্মাই ‘প্রজা ছ’চিয়েলিষ্ট’ পার্টিত যোগ দিলেও ১৯৬৩ চনত তেওঁ সেই দল ত্যাগ কৰে৷ ইয়াৰ পাছতে তেওঁ ‘মার্ক্সবাদ’ৰ প্রতি আকর্ষিত হয়৷ এই দর্শনৰ প্রতি আকর্ষিত হৈ তেওঁ ১৯৬৮ চনত প্রকাশ কৰে ‘মেক্সিম গর্কী’ নামৰ গ্রন্থখন৷ তেওঁৰ এই প্রথম গ্রন্থখনে ব্যাপক সমাদৰ লাভ কৰিছিল আৰু এই গ্রন্থখনৰ বাবে শশী শর্মাই ‘ছেভিয়েট দেশ নেহৰু বঁটা’ও লাভ কৰিছিল৷ ইয়াৰ পাছত ১৯৭১ চনত তেওঁ ৰচনা কৰে ‘লেনিন-ৰুচ বিপ্লৱ আৰু ভাৰত’ নামৰ গ্রন্থখন৷ এনেদৰে শশী শর্মাই ক্রমে বামপন্থী চিন্তাধাৰাৰ ৰাজনৈতিক দিশত জড়িত হৈ পৰে৷ অৱশেষত ১৯৭২ চনৰ পৰা তেওঁ চি পি আই (এম) দলৰ লগত জড়িত হৈ পৰে৷

শর্মাৰ প্রকাশিত গ্রন্থৰ মেটমৰা সম্ভাৰ: 
বিশিষ্ট সাহিত্যিক-সমালোচক শশী শর্মাৰ প্রথম প্রকাশিত পুথিখন হ’ল– ‘কৃতি ছাত্র দীনেশ মিশ্র’ (২৫ মে’, ১৯৫৬)৷ বর্তমানলৈকে তেওঁ দুকুৰিৰো অধিক গ্রন্থ প্রকাশ কৰি উলিওৱাৰ লগতে বিভিন্ন গ্রন্থ সম্পাদনাও কৰিছে৷ তদুপৰি কেইবাখনো দৈনিক বাতৰিকাকতত ‘স্বম্ভ লেখা’ আৰু লেখনী প্রকাশ হৈ আছে৷ তেওঁৰ প্রকাশিত গ্রন্থসমূহ হ’ল– ‘দীনেশ মিশ্র, জীৱনী’ (১৯৫৫), নলবাৰী আৰু সাহিত্য সংস্কৃতি (১৯৬৫), দৃষ্টিপাত (১৯৬৫), ৰসৰাজ বেজবৰুৱা (১৯৬৭), সাহিত্য আৰু সৃষ্টি (১৯৬৮), মেক্সিম গর্কী (১৯৬৮), নিজাম আলীৰ স্মৃতিকথা (১৯৬৯), নলবাৰী অঞ্চলৰ অভিনয় কলাৰ ক্রমবিকাশৰ ধাৰা (১৯৬৯), সাহিত্যৰথী পদ্মনাথ গোহাঞিবৰুৱা (১৯৭১), লেনিন, ৰুচ বিপ্লৱ আৰু ভাৰত (১৯৭১), পণ্ডিত হেমচন্দ্র গোস্বামী (১৯৭২), মোৰ দেশ মানুহৰ দেশ (১৯৭৪), সময়ে যাক পাহৰি যাব (১৯৭৬), টলষ্টয় (১৯৭৮), আধুনিক অসমীয়া সমাজ বিৱর্তনত সাহিত্যিকৰ ভূমিকা (১৯৮০), হেম বৰুৱা, উন্নতি- অৱনতি (১৯৮০), মানৱ বিদ্বেষ (১৯৮০), সংখ্যালঘু সমস্যা সমাধানৰ গতিপথ (১৯৮০), ধর্ম আৰু সমাজ (১৯৮১), আমি কি বিচাৰো (১৯৮১), ফেচীবাদ বনাম বাম আৰু গণতান্ত্রিক মর্ (১৯৮১), সংস্কৃতিৰ বিৱর্তন (১৯৮১), লু-সুন (১৯৮২), সাহিত্যত বিৱর্তন (১৯৮৪), আমাৰ ৰাভা (১৯৮৪), আমাৰ জ্যোতি প্রসাদ (১৯৮৫), আমাৰ নজৰুল (১৯৮৫), আমাৰ স্বাধীনতা সংগ্রাম (১৯৭৬), জৰুৰীকালীন অৱস্থাত অসমীয়া বুদ্ধিজীৱিৰ ভূমিকা (১৯৭৭), জাগ্রত আফ্রিকা (১৯৮৭), সাহিত্যত বাস্তৱৰ স্বপ্ন (১৯৮৭), নলবাৰীত আধুনিক শিক্ষাৰ এশ বছৰ (১৯৯০), খোজে খোজে যাওঁ আগুৱায় (১৯৯০), কথাগুৰু চৰিত (১৯৯০), অসমৰ লোক সাহিত্য (১৯৯৩), সাহিত্য প্রাচ্য আৰু পাশ্চাত্য (১৯৯৩), আদি দশম (১৯৯৩), আমাৰ মাণ্ডেলা (১৯৯৪), শংকৰ গুৰু আমাৰে (১৯৯৫), আমাৰ মাধৱদেৱ (১৯৯৫), আমাৰ আজান ফকীৰ (১৯৯৫), আমাৰ বেজবৰুৱা (১৯৯৮), আমাৰ আম্বেদকাৰ (১৯৯৮), আমাৰ নটসূর্য (১৯৯৮), অসমৰ সাধুকথা (১৯৯৮), অসমৰ হিন্দু-মুছলমানৰ সাংস্কৃতিক সম্পর্ক (১৯৯৮), আমাৰ শিক্ষাৰ সম্প্রসাৰক মহেন্দ্র নাৰায়ণ চৌধুৰী (১৯৯৮), আমাৰ পৃথিৱী (২০০০), কুৰি শতিকাৰ অসমীয়া সাহিত্যত সাম্যবাদী চিন্তা (২০০০), কার্লমার্ক্স (২০০১), আমাৰ শ্রদ্ধাৰ লিখক অক্ষয় চন্দ্র মিশ্র ছাৰ (২০০১), জ্যোতি পৰিচয় (২০০৩), আমি এক, আমি এক (২০০০), দীনেশ মিশ্রৰ পৰিচয় (২০০৩), বিজু (২০০৪), নৱজাগৰণৰ পটভূমিত লক্ষ্মীনাথ বেজবৰুৱা– এটি অৱলোকন (২০০৪), দেৱী হজাৰ উৎপত্তি বিকাশ (২০০৩), শশী শর্মাৰ গান আৰু কবিতা (২০০৫), আৰু শেহতীয়া উপন্যাস ‘গাঁৱৰ ল’ৰা’৷

অনূদিত গ্রন্থ: 

  • লাগে আমূল পৰিৱর্তন লাগে (১৯৭৮)
  • প্রকৃত কমিউনিষ্ট– কেনেকৈ হ’ব পাৰি (১৯৮৩)
  • গণশত্রু (১৯৯৩)৷

সম্পাদিত গ্রন্থ: 

  • চোৰ ধৰা আৰু পিম্পৰা গুচোৱা নাট (১৯৬৩), 
  • প্রৱন্ধ মুকুৰ (১৯৬৬), 
  • চন্দ্র কুমাৰ আগৰৱালাৰ প্রতিভা (১৯৬৭), 
  • ত্রৈলোক্যনাথ গোস্বামী সম্বর্ধনা গ্রন্থ (১৯৭২), 
  • হেমাংগ বিশ্বাস, জীৱন আৰু কৃতি (১৯৮৮), 
  • দুর্গাবৰী গীতি ৰামায়ণ (১৯৯০), 
  • মনসা কাব্য (১৯৯১), 
  • জীৱন শিল্পী আদ্যশর্মা-সম্বর্ধনা গ্রন্থ (১৯৯৩), 
  • কৃতি শিক্ষক জয়দেৱ শর্মা (১৯৯৬), 
  • সাহিত্যত আধুনিকতা (২০০১) 
  • দেবেন্দ্র সুৰভী (২০০২)৷

বিভিন্ন বঁটা-বাহন : 
শশী শর্মাই ১৯৬৮ চনত তেওঁৰ উল্লেখযোগ্য গ্রন্থ ‘মেক্সিম গর্গী’ৰ কাৰণে ছোভিয়েট দেশ নেহৰু বঁটা লাভ কৰে৷ ১৯৯৫ চনত ‘অসমৰ লোক সাহিত্য’ শীর্ষক গ্রন্থৰ কাৰণে অসম সাহিত্য সভাৰ সীতানাথ ব্রহ্মচৌধুৰী বঁটা লাভ কৰে৷ ১৯৯৯ চনত অসমৰ সাধুকথা গ্রন্থৰ কাৰণে গুৱাহাটী সাহিত্য কাননৰ ‘ৰেৱ নাথ শর্মা বঁটা’ লাভ কৰে৷ ইপিনে, তেওঁৰ উল্লেখযোগ্য সাহিত্য সৃষ্টিৰ কাৰণে ২০০২ চনত দলিত সাহিত্য একাডেমিৰ ‘বিষ্ণু প্রসাদ ৰাভা বঁটা’ লাভ কৰে৷

No comments:

Post a Comment

SPONSORED