এন আৰ এলৰ পূর্বৰ ২৬ শতাংশ অংশ ঘূৰাই আনিব ৰাজ্য চৰকাৰে - SANGBAD PRAHARI

Breaking

Responsive Ads Here

January 29, 2020

এন আৰ এলৰ পূর্বৰ ২৬ শতাংশ অংশ ঘূৰাই আনিব ৰাজ্য চৰকাৰে

গুৱাহাটী : অসম চুক্তিৰ ফচল নুমলীগড় শোধনাগাৰৰ (এন আৰ এল) অংশ পূর্বৰ কংগ্রেছ চৰকাৰে বিক্রী কৰা ভুলৰ শুধৰণি কৰিব বর্তমানৰ ৰাজ্য চৰকাৰখনে৷ এন আৰ এলত ৰাজ্য চৰকাৰৰ অংশ পূর্বতে আছিল ২৬ শতাংশ৷ পূর্বৰ কংগ্রেছ চৰকাৰে এন আৰ এলত থকা অংশীদাৰিত্ব ১৩.৫ শতাংশলৈ হ্রাস কৰি বাকী অংশ বি চি পি এলক বিক্রী কৰিছিল৷

বিত্তমন্ত্রী হিমন্ত বিশ্ব শর্মাই আজি দিছপুৰত অনুষ্ঠিত কৰা এখন সংবাদমেলত কয় যে ৰাজ্য চৰকাৰে ১৫০০ কোটি টকা খৰচ কৰি এন আৰ এলত থকা অংশ ওভতাই অনাৰ পদক্ষেপ গ্রহণ কৰিছে৷ অংশ ওভতাই দিবলৈ কেন্দ্রীয় চৰকাৰক ৰাজ্য চৰকাৰে অনুৰোধ কৰিছে আৰু কেন্দ্রীয় চৰকাৰেও বিবেচনা কৰি আছে বুলি মন্তব্য কৰে মন্ত্রী শর্মাই৷



তেওঁ আৰু কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীক কৰা অনুৰোধৰ পাছত বি চি পি এলক ৰাজহুৱা খণ্ডতে ৰখাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ প্রথমতে কেন্দ্রীয় চৰকাৰে ১৩.৫ শতাংশ বা ১২ শতাংশ অংশ দি অংশীদাৰিত্ব ওভতাই আনিবলৈ জনোৱা অনুৰোধ সহানুভূতিৰে বিবেচনা কৰি আছে৷ ইয়াৰ ফলত ৰাজ্য চৰকাৰৰ খৰচ হ’বলগীয়া ১৫০০ কোটি টকাৰ বাবে পৰৱর্তী বাজেটত ধার্য কৰা হ’ব বুলিও কয় মন্ত্রী শর্মাই৷ তেওঁ আৰু কয় যে কংগ্রেছ চৰকাৰে কৰা ভুল বর্তমানৰ ৰাজ্য চৰকাৰখনে শুধৰাব বিচাৰিছে আৰু ইয়াৰ বাবে ৰাজ্য চৰকাৰে ব্যয়ৰ বোজা গ্রহণ কৰিবলগীয়া হ’ব৷ ৰাজ্য চৰকাৰে এন আৰ এলত থকা স্থিতি ঘূৰাই আনিব বিচাৰিছে৷

তেওঁ আৰু কয় যে এন আৰ এলৰ উৎপাদন ক্ষমতা ৩ মিলিয়ন মেট্রিক টনৰ পৰা ৯ মিলিয়ন মেট্রিক টনলৈ বৃদ্ধি পাব৷ পাৰাদ্বীপৰ পৰা খাৰুৱা তেল আনি উৎপাদন বৃদ্ধিৰ প্রচেষ্টাৰ ফলত এন আৰ এলৰ পৰিষৰ বিশাল হৈ পৰিব বুলিও মন্তব্য কৰে মন্ত্রী শর্মাই৷

No comments:

Post a Comment

SPONSORED