বেচৰকাৰী বিদ্যালয়ত শিশুৰ নাম ভর্তিৰ হাৰ অস্বাভাৱিকভাৱে বৃদ্ধি - SANGBAD PRAHARI

Breaking

Responsive Ads Here

January 29, 2020

বেচৰকাৰী বিদ্যালয়ত শিশুৰ নাম ভর্তিৰ হাৰ অস্বাভাৱিকভাৱে বৃদ্ধি

গুৱাহাটী :  চৰকাৰী বিদ্যালয়ৰ তুলনাত বেচৰকাৰী বিদ্যালয়ত শিশুৰ নামভর্তিৰ সংখ্যা বৃদ্ধি পাইছে অস্বাভাৱিকভাৱে৷ অসমকে ধৰি দেশৰ ২৪খন ৰাজ্যক সামৰি প্রস্তুত কৰা এনুৱেল ষ্টেটাছ অব৲ এডুকেশ্যন ৰিপ’র্টত প্রাক৲ প্রাথমিক আৰু প্রাথমিক শিক্ষাৰ বহু তথ্য প্রকাশ পাইছে৷ মুঠ ২৬খন জিলাক সামৰি প্রস্তুত কৰা জৰীপত অসমৰ কামৰূপ জিলাকো অন্তর্ভুক্ত কৰা হৈছিল৷

য’ত ৰাজ্যখনৰ সামগ্রিক প্রাক৲ প্রাথমিক আৰু প্রাথমিক শিক্ষাৰ এক প্রতিচছবি পাব পাৰি৷ কামৰূপ (গ্রাম্য) জিলাৰ ৬০খন গাঁৱৰ ১২১২টা পৰিয়ালত জৰীপ চলাই ৪-৮ বছৰৰ শিশুসকলক সামৰি লোৱা হৈছিল৷ প্রতিবেদনত প্রকাশ পোৱা অনুসৰি কামৰূপ জিলাত অংগনৱাড়ী কেন্দ্রত নাম পঞ্জীয়নভুক্ত ৪ বছৰ বয়সৰ শিশুৰ হাৰ ৬৩ শতাংশ আৰু সকলো জিলাৰ ক্ষেত্রত এই হাৰ ৪৪.২ শতাংশ৷



অসমত বয়স বঢ়াৰ লগে লগে বেচৰকাৰী বিদ্যালয়ত নামভর্তিৰ হাৰ বৃদ্ধি পায়৷ ৪ বছৰ বয়সত বেচৰকাৰী বিদ্যালয়ৰ প্রাক৲ প্রাথমিকত নামভর্তি কৰা শিশুৰ হাৰ হ’ল ২০ শতাংশ৷ ৫ বছৰ বয়সত ৪২.২ শতাংশ হয়৷ সমীক্ষাই এই কথা স্পষ্ট কৰিছে যে ৰাজ্যৰ গ্রামাঞ্চলতো চৰকাৰী বিদ্যালয়ৰ বিপৰীতে বেচৰকাৰী বিদ্যালয়ত শিশুক নামভর্তিৰ প্রতি অভিভাৱকসকল অধিক আগ্রহী হৈ উঠিছে৷ শিক্ষাৰ অধিকাৰ আইন ২০০৯ অধিনিয়মৰ মতে শিশুৰ প্রথম শ্রেণীত নামভর্তিৰ বয়স ৬ বছৰ হ’ব লাগিব৷

দেশৰ অন্য ৰাজ্যৰ লগতে অসমতো বয়স উপযোগী নোহোৱা সত্ত্বেও শিশুক প্রাথমিক বিদ্যালয়ত নামভর্তি কৰোৱা হয়৷ কামৰূপ জিলাত প্রথম শ্রেণীত নামভর্তি কৰা ১৬.১ শতাংশ শিশুৰ বয়স ৪ আৰু ৫ বছৰ৷ কামৰূপ জিলাক উদাহৰণ হিচাপে লৈ অন্য জিলাকেইখনকো চালে দেখা যাব যে কম বয়সতে শিশুক স্কুলত নামভর্তিৰ প্রৱণতা বৃদ্ধি পাইছে৷ দেশজোৰা সমীক্ষাত আৰু এটা কথা স্পষ্ট হৈছে যে চৰকাৰী বিদ্যালয়ৰ প্রথম শ্রেণীত অধ্যয়নৰত শিশুৰ বয়স বেচৰকাৰী বিদ্যালয়ৰ প্রথম শ্রেণীত পঢ়ি থকা শিশুৰ বয়সৰ তাৰতম্য আছে৷ প্রতিবেদনত উল্লেখ কৰা হৈছে যে অংগনৱাড়ী কেন্দ্রসমূহে শিশুক বিদ্যালয়লৈ পঠিয়াবৰ বাবে প্রস্তুত কৰিবলৈ অধিক দায়বদ্ধ হ’ব লাগিব৷ এইক্ষেত্রত অংগনৱাড়ী কেন্দ্রসমূহ অধিক শক্তিশালী কৰি তোলাৰ প্রয়োজনীয়তাৰ ওপৰতো জোৰ দিয়া হৈছে৷

No comments:

Post a Comment

SPONSORED