গুৱাহাটী : মঙলদৈ ৰাজহ চক্রকে ধৰি দৰঙৰ ৪টা ৰাজহ চক্রৰ মুঠ ৬০০টা ভূমিহীন পৰিয়ালক আজি ৰাজহুৱাভাৱে মঙলদৈত ভূমি পট্টা আৰু ভূমি আবণ্টন পত্র বিতৰণ কৰা হয়৷ মঙলদৈ জিলা পুথিভঁৰাল প্রেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত ভূমি পট্টা, আবণ্টন পত্রৰ উপৰি বনপীড়িতলৈ আর্থিক সাহায্য তথা সামগ্রী প্রদানৰ শুভাৰম্ভণি কৰা হয়৷
ৰাজ্যৰ বিত্ত, গড়কাপ্টানী আদি কেইবাটাও বিভাগৰ মন্ত্রী হিমন্ত বিশ্ব শর্মাই পট্টা বিতৰণৰ কার্যসূচীত মুখ্য অতিথি হিচাপে ভাগ লোৱাৰ উপৰি মঙলদৈ আৰু ছিপাঝাৰৰ বিধায়ক আৰু দৰঙৰ উপায়ুক্তসহ বিভিন্ন আমোলা উপস্থিত থাকে৷ মন্ত্রী ড০ শর্মাই ভাষণত মঙলদৈৰ বাবে ৰাজ্য চৰকাৰে প্রায় ৬০ কোটি টকাৰ পথ আৰু দলং নির্মাণৰ বাবে আবণ্টন দিব বুলি ঘোষণা কৰাত বিধায়ক গুৰুজ্যোতি দাসে কৃতজ্ঞতা জ্ঞাপন কৰি মঙলদৈত চিকিৎসা বা কাৰিকৰী শিক্ষা প্রতিষ্ঠান স্থাপনৰ দাবী উত্থাপন কৰে৷ তেওঁ মঙলদৈ-মইৰাপট্টি দলং, নির্মাণ ভেবাৰঘাট -হলৌচৌকা সংযোগী পথ, আউলাচৌকা-হলৌচোকা সংযোগী পথ আৰু এম পি কে পথৰ মঙলদৈ বামুণপাৰা-দীঘিৰপাৰ সংযোগী ১০ কিল’মিটাৰ পথ সম্প্রসাৰণ আৰু নগৰবাহীত বানত ভগা মথাউৰি ৯ কোটি টকাৰে পুনৰ নির্মাণ কৰিবলৈ লোৱাত আনন্দ প্রকাশ কৰে৷ আনহাতে ছিপাঝাৰৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াই পথৰুঘাটৰ ঐতিহাসিক শ্বহীদ দিৱসৰ আজিৰ দিনটোতে ভূমি পট্টা বিতৰণ অতি তাৎপর্যপূর্ণ বুলি মন্তব্য কৰে৷
কার্যসূচীত মন্ত্রী ড০ শর্মাই বড়ো শান্তি চুক্তি অসমীয়া ভাষাৰ সংবর্ধন আৰু শিক্ষা বিভাগত লোৱা বিভিন্ন পদক্ষেপ ব্যাখ্যা কৰি কয় যে অসমীয়া ভাষা লিখিব বা পঢ়িব নোৱৰাসকলে ২০২১ চনৰ পৰা আৰু চাকৰি পোৱাৰ সম্ভাৱনা নাই৷ তেওঁ ৰাজপথত আন্দোলন নহয় বৰঞ্চ জাতিৰ সংকট মোচনৰ বাবে সকলোৱে আগবাঢ়ি আহিব লাগিব বুলি মন্তব্য কৰে৷ তেওঁ থলুৱা লোকসকলক বহিৰাগতক ভূমি বিক্রী নকৰিবলৈ আহবান জনাই কয় যে মঙলদৈ, ছিপাঝাৰ, বেজেৰা আদি ঠাইৰ মাটিৰ মূল্য আগন্তুক ৩ বছৰত ১০ গুণ পর্যন্ত বৃদ্ধি পাব৷ উত্তৰ গুৱাহাটী আৰু ফাঁচিবজাৰ সংযোগী দলঙৰ কাম আগন্তুক এমাহৰ ভিতৰত আৰম্ভ হ’ব আৰু মঙলদৈৰ মানুহে ৩০ মিনিটত গুৱাহাটীলৈ যাব পাৰিব৷ তেওঁ ন্যায়াধীশ বিপ্লৱ শর্মাৰ প্রতিবেদন কেন্দ্রীয় চৰকাৰক দাখিল কৰাৰ লগে লগে এপ্রিল মাহৰ পৰা অসমৰ নতুন প্রতিচছবি পোহৰলৈ আহিব বুলি কয়৷ ইপিনে মঙলদৈৰ সভা সামৰি গুৱাহাটীমুখী হোৱাৰ সময়ত মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক আছুৰ কেন্দ্রীয় কার্যনির্বাহক অৰূপ কলিতাৰ নেতৃত্বত আছুৰ এটা দলে ক’লা পতাকা প্রদর্শন কৰে৷ এই দলটোৱে মন্ত্রী অহাৰ সময়তো কেইবাস্থানত ক’লা পতাকা প্রদর্শনৰ চেষ্টা কৰিছিল যদিও আৰক্ষী প্রশাসনৰ বাবে সেয়া সম্ভৱ হোৱা নাছিল৷
আনহাতে গৃহ জিলাত এটা চৰকাৰী কার্যসূচীত অংশগ্রহণ কৰিবলৈ আহি আজি নগাঁও চহৰত ক’লা পতাকাৰ সন্মুখীন হোৱাৰ উপৰি আছু আৰু যুৱ-ছাত্র পৰিষদৰ একাংশ সদস্যৰ মুর্বাদ শ্ল’গান শুনিব লগীয়া হ’ল জলসম্পদ মন্ত্রী কেশৱ মহন্তই৷ আজি কা-বিৰোধী আন্দোলনকাৰীয়ে মন্ত্রী মহন্তক প্রদর্শন কৰা ক’লা পতাকাক লৈ থৰ-কাছুটি হেৰুৱাব লগীয়া হয় আৰক্ষীয়ে৷
উল্লেখযোগ্য যে, ভূমিহীন লোকক মাটিৰ পট্টা প্রদান উপলক্ষে আজি নগাঁও চহৰৰ খগেন মহন্ত প্রেক্ষাগৃহত আয়োজিত এটা চৰকাৰী অনুষ্ঠানত অংশগ্রহণ কৰিবলৈ আহিছিল জলসম্পদ মন্ত্রী কেশৱ মহন্ত৷ মন্ত্রী মহন্তই ভাবিবকে পৰা নাছিল যে তেওঁৰ গৃহ জিলা নগাঁৱত এসময়ত তেওঁ নেতৃত্ব প্রদান কৰা আছুৰ সদস্যসকলে ক’লা পতাকা প্রদর্শন কৰি ককর্থনা কৰিব৷ কিন্তু তেওঁ নভবা কথাটোৱেই সংঘটিত হ’ল৷
মন্ত্রী মহন্তই খগেন মহন্ত প্রেক্ষাগৃহলৈ বুলি ৰাওনা হোৱাৰ সময়তেই নগাঁও আৱর্ত ভৱনৰ সমীপতে আছুৰ নগাঁও জিলা সমিতিৰ একাংশ সদস্যই আগভেটা দি ক’লা পতাকা প্রদর্শন কৰি ‘কেশৱ মহন্ত মুর্বাদ’, ‘কেশৱ মহন্ত গ’ বেক’ আদি বিভিন্ন শ্ল’গান দিয়ে৷ ইমানেই নহয়, আছুৰ সদস্যসকলে আৰক্ষীৰ নিৰাপত্তা বেষ্টনী ভেদ কৰি মন্ত্রী মহন্তৰ বাহনৰ পাছে পাছে দৌৰি তেওঁক ক’লা পতাকা প্রদর্শন কৰে৷ নগাঁও আৱর্ত ভৱনৰ সমীপত মন্ত্রী কেশৱ মহন্তৰ কনভয়ৰ সন্মুখত কা-বিৰোধী প্রতিবাদকাৰীয়ে ক’লা পতাকা প্রদর্শন কৰাৰ লগতে আছুৰ প্রাক্তন নেতা তথা মন্ত্রী মহন্তক উদ্দেশ্য কৰি বিভিন্ন মন্তব্য কৰাও পৰিলক্ষিত হয়৷
ইপিনে, একে সময়তে অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ নগাঁও জিলা আৰু সদৰ আঞ্চলিক সমিতিৰ একাংশ সদস্যই আৱর্ত ভৱনৰ সমীপতে মন্ত্রী কেশৱ মহন্তক ক’লা পতাকা প্রদর্শনৰ লগতে কেশৱ মহন্ত মুর্বাদ ধবনি দিয়ে৷ প্রতিবাদকাৰীসকলে কেশৱ মহন্তক উদ্দেশ্যি ‘ঐ কেশৱ মহন্ত ওলাই আহ, তহঁতে জাতিসত্তা নাইকিয়া কৰিলি’, ‘গাদীৰ লোভত অসম চুক্তি পাহৰি পেলালি’ আদি বিভিন্ন কটুক্তি কৰাৰ লগতে মন্ত্রী মহন্তক ‘তেজপিয়া’ আখ্যা দিয়ে৷ ইয়াৰ লগে লগেই হুৱাদুৱা লাগে নগাঁও আৰক্ষীৰ মাজত৷
পাছত অনুষ্ঠানৰ পৰা মন্ত্রী উভতিবলগীয়া পথৰ দাঁতিত থকা যুৱকসকলকো আঁতৰাই পঠিয়ায় আৰক্ষীয়ে৷ আৰক্ষীয়ে ক’লা পতাকা প্রদর্শন কৰা কেইবাজনো আছু আৰু যুৱ-ছাত্র পৰিষদৰ সদস্যক আটক কৰে৷ ইপিনে, আছু আৰু যুৱ-ছাত্র পৰিষদৰ কর্মীয়ে ক’লা পতাকা প্রদর্শন কৰাৰ সন্দর্ভত মন্ত্রী কেশৱ মহন্তই সাংবাদিকৰ আগত কয়, ‘ছাত্র সন্থাই নিজৰ দায়িত্ব পালন কৰিছে আৰু মই মোৰ দায়িত্ব পালন কৰি যাম৷ তাত মোৰ ক’বলগীয়া একো নাই৷ তেওঁলোকক তেওঁ স্বাগতম জনোৱা বুলি কৌশলী মন্তব্য কৰে সাংবাদিকৰ আগত৷ আনহাতে, জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ নগাঁও জিলা সমিতিৰ একাংশ সদস্যই কেশৱ মহন্তক ক’লা পতাকা প্রদর্শন কৰিবলৈ খাপপিটি ৰৈ থকা অৱস্থাত কেইবাজনো যুৱ-ছাত্র পৰিষদৰ সদস্যক আৰক্ষীয়ে আটক কৰে৷ আৰক্ষীয়ে আটক কৰা ছাত্র নেতাকেইজন হ’ল, নগাঁও জিলা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক অমৰজ্যোতি ফুকন, ছাত্র নেতা ৰাজশেখৰ বৰা, ৰুবুল কাকতী, যুৱ-ছাত্র পৰিষদৰ নগাঁও জিলা সমিতিৰ উপদেষ্টা মনোজসিং ৰাজা, সাধাৰণ সম্পাদক প্রাগজ্যোতিষ বণিয়া, নগাঁও নগৰ সমিতিৰ সভাপতি কাশ্যপ ফুকনৰ লগতে পৰিষদৰ সদস্য আছিফ আলী, প্রাণকৃষ্ণ ডেকা, হেমন্ত দাস আৰু নিবিড় পল পাল৷
নগাঁৱত ৮৬০ গৰাকী ভূমিহীনক পট্টা প্রদান: ‘নগাঁৱৰ আয়ুস ৰেখা কলঙক পুনৰ বোৱাই নিয়াৰ প্রচেষ্টা অব্যাহত ৰখা হৈছে৷ ইতিমধ্যে ডি পি আৰ প্রস্তুতৰ কাম সম্পূর্ণ হৈছে৷ ইয়াৰ বাবে ধার্য কৰা হৈছে ১০০ কোটি টকা৷’– আজি নগাঁও খগেন মহন্ত প্রেক্ষাগৃহত ৰাজহ আৰু দুযোর্গ ব্যৱস্থাপনা বিভাগ আৰু নগাঁও জিলা প্রশাসনৰ উদ্যোগত ভূমি পট্টা বিতৰণ অনুষ্ঠানত অংশগ্রহণ কৰি মন্ত্রী কেশৱ মহন্তই এই মন্তব্য কৰি কয় যে ১৯৬৩ চনত কলিয়াবৰৰ আৰিকাটি মুখৰ ওচৰত কলঙৰ মুখ মথাউৰিৰে বন্ধ কৰি দিয়া হৈছিল৷
যাৰ বাবে কলঙে পূর্বৰ গৰিমা হেৰুৱাব লগীয়া হৈছিল৷ তেতিয়াৰ পৰাই কলিয়াবৰৰ লগতে নগাঁওবাসী ৰাইজে কলংখন পুনৰ বোৱাই ৰাখিবলৈ সংগ্রাম কৰি আহিছিল৷ ৬৩ বছৰ চলা এই সংগ্রামৰ সুফল লাভ কৰিব নগাঁওবাসী ৰাইজে৷ চলিত বর্ষৰ পৰাই কলঙক বোৱাই নিয়াৰ কাম আৰম্ভ কৰা হ’ব৷ এই অনুষ্ঠানত ৰহা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাসেও ভাষণ দিয়ে৷ নগাঁও জিলাৰ উপায়ুক্ত যাদৱ শইকীয়াৰ আদৰণী ভাষণেৰে আৰম্ভ হোৱা অনুষ্ঠানত জিলাখনৰ বিভিন্ন ৰাজহ চক্রৰ অন্তর্গত ৮৬০গৰাকী ভূমিহীন লোকক ভূমি পট্টা প্রদান কৰা হয়৷
এই অনুষ্ঠানতে ২০১৯ বর্ষত বানত ক্ষতিগ্রস্ত লোকক কাপোৰ আৰু বাচন-বর্তনৰ বিপৰীতে ছয় হাজাৰ লোকক ৩৮০০ টকাকৈ এককালীন সাহায্য প্রদান কৰা হ’ব বুলি উপায়ুক্তজনে ঘোষণা কৰে৷ আজি প্রতীকী ৰূপত তিনিজন লোকক এই সাহায্য প্রদান কৰা হয়৷ বাকীসকলক কাইলৈৰ পৰা বেংক একাউণ্টযোগে প্রদান কৰা হ’ব বুলি উপায়ুক্তই মন্তব্য কৰে৷ অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত ক্রমে হেমন্ত ভূঞা, বিতোপন নেওগৰ লগতে জিলাখনৰ ৰাজহ চক্র বিষয়াসকলে অংশগ্রহণ কৰে৷
বৰপেটাত মন্ত্রী সিদ্ধার্থ ভট্টাচার্যক ক’লা পতাকা প্রদর্শন: ‘কৃষিজীৱী মানুহৰ ভূমিৰ অধিকাৰতকৈ ডাঙৰ অধিকাৰ নাই৷’ – এই মন্তব্য মন্ত্রী সিদ্ধার্থ ভট্টাচার্যৰ৷ আজি বৰপেটা জিলা প্রশাসনৰ ৰাজহ আৰু দুযোর্গ ব্যৱস্থাপনা শাখাৰ উদ্যোগত অনুষ্ঠিত ভূমিহীন হিতাধিকাৰীক ভূমি পট্টা আৰু আবণ্টন পত্র বিতৰণৰ আনুষ্ঠানিক সমাৰোহত অংশগ্রহণ কৰি মন্ত্রীজনে কয় যে বিজেপিয়ে নির্বাচনৰ সময়ত দিয়া প্রতিশ্রুতি চৰকাৰ গঠনৰ পাছত পর্যায়ক্রমে পূৰণৰ ব্যৱস্থা গ্রহণ কৰিছে৷
বৰপেটা জিলা জনসংযোগ বিষয়া বিকাশ শর্মাই আঁত ধৰা অনুষ্ঠানটোত উদ্দেশ্য ব্যাখ্যা কৰে বৰপেটাৰ উপায়ুক্ত মুনীন্দ্র শর্মাই৷ অনুষ্ঠানত অসম বিত্তীয় নিগমৰ উপাধ্যক্ষ অনিল দাস, অসম শক্তি বিতৰণ লিমিটেডৰ সঞ্চালক মণ্ডলীৰ সদস্য শংকৰ চন্দ্র দাসেও চমু ভাষণ আগবঢ়ায়৷ বৰপেটা জিলা পুথিভঁৰালত অনুষ্ঠিত এই অনুষ্ঠানত ৯২৭গৰাকী হিতাধিকাৰীক মাটিৰ পট্টা আৰু ৭৩৯গৰাকী বানপীড়িত লোকক প্রথম পর্যায়ত সাহায্য প্রদান কৰা হয়৷ ইফালে ভূমি পট্টা আৰু আবণ্টন পত্র বিতৰণৰ আনুষ্ঠানিক সমাৰোহত অংশগ্রহণ কৰিবলৈ অহা মন্ত্রী সিদ্ধার্থ ভট্টাচার্য আজি ক’লা পতাকাৰ সন্মুখীন হয়৷ বৰপেটা শ্বহীদ ভৱনৰ সন্মুখৰ পৰা আছুৰ কর্মীয়ে মন্ত্রীজনক ক’লা বতাকা প্রদর্শন কৰে৷
No comments:
Post a Comment