তামাৰহাটৰ গ্ৰাহামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হীৰক জয়ন্তী সম্পন্ন - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Thursday, January 09, 2020

তামাৰহাটৰ গ্ৰাহামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হীৰক জয়ন্তী সম্পন্ন

সজল ফাউণ্ডেশ্বনৰ মুখ্য পৰিচালনা সঞ্চালক সজল সিংহৰ ব্যক্তিগত ধনেৰে স্থায়ী তৰুণ নিৰ্মান

তামাৰহাট : ধুবুৰীৰ গ্ৰাহামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৮ আৰু ৯ জানুৱাৰী দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় হীৰক জয়ন্তী অনুষ্ঠান। 


প্ৰথমদিনা পতাকা উত্তোলৰ পিছতেই আৰম্ভ হয় বৰ্ণাঢ্য কাৰ্যসূচী। বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰী, বিদ্যালয় খনৰ অধ্যক্ষ দীলিপ কুমাৰ সৰকাৰ আৰু প্ৰাক্তন ই, এম, খৃষ্টটম টুডুয়ে হীৰক জয়ন্তীৰ পতাকা উত্তোলন কৰে। স্মৃতি তৰ্পণত মাল্যাৰ্পণ কৰি বিভিন্ন জনগোষ্ঠীৰ সমন্বয়ৰে সাংস্কৃতিক শোভাযাত্ৰা উলিওৱাৰ লগতে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলকৰ মাজত এক আলোচনা চক্ৰৰ অনুষ্ঠিত হয়।


উল্লেখযোগ্য যে সজল ফাউণ্ডেশ্বনৰ মুখ্য পৰিচালন সঞ্চালক সজল সিংহই ব্যাক্তিগত ভাৱে তিনি লাখ টকা ব্যায় সাপেক্ষে স্হায়ীভাবে আটকধুনীয়াকৈ নিৰ্মাণ কৰা বিদ্যালয়খনৰ মূল তোৰণখনখন হীৰক জয়ন্তী উপলক্ষে বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰী আৰু সজল সিংহই যৌথভাবে উদ্ধোধন কৰে।

No comments:

Post a Comment

SPONSORED