ক’লা বজাৰত বিক্রী ৰন্ধন গেছৰ চিলিণ্ডাৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

January 9, 2020

ক’লা বজাৰত বিক্রী ৰন্ধন গেছৰ চিলিণ্ডাৰ

গুৱাহাটী :  গুৱাহাটী মহানগৰত ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰ বিভিন্ন সময়ত গ্রাহকে লাভ নকৰাৰ অভিযোগ উঠি অহাৰ সময়তে ক’লা বজাৰত একাংশই মুকলিকৈ ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰ বিক্রী কৰি আছে৷ মহানগৰৰ বিভিন্ন ব্যাৱসায়িক প্রতিষ্ঠান আৰু পদপথৰ ব্যৱসায়ীয়ে মুকলিকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰ ব্যৱহাৰ কৰি আছে৷

গতিকে গ্রাহকৰ প্রাপ্য ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰ যে এতিয়া মুকলিকৈ একাংশই বিক্রী কৰি আছে সেইটো স্পষ্ট হৈ পৰিছে৷ নিয়ম অনুসৰি মহানগৰত ব্যৱসায়-বাণিজ্য কৰা লোকসকলে তেওঁলোকৰ ব্যাৱসায়িক প্রতিষ্ঠানসমূহত বাণিজ্যিক ৰন্ধন গেছৰ চিলিণ্ডাৰ ব্যৱহাৰ কৰিব লাগে যদিও অধিকাংশই ব্যৱহাৰ নকৰে৷ গতিকে ব্যাৱসায়িক প্রতিষ্ঠানসমূহত ঘৰুৱা ৰন্ধন গেছৰ চাহিদাৰ প্রতি লক্ষ্য ৰাখি একাংশ গেছ এজেঞ্চিয়ে গোপনে এওঁলোকক ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰ যোগান ধৰে৷
তাৰ বিনিময়ত গেছ এজেঞ্চিসসমূহে তেওঁলোকৰ পৰা নির্দিষ্ট মূল্যতকৈ অধিক মূল্য সংগ্রহ কৰে৷ এনেদৰেই মহানগৰত এতিয়া ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ এক বৃহৎ ক’লা বজাৰ অব্যাহত আছে৷ কিন্তু ইয়াৰ পাছতো আৰক্ষী-প্রশাসন তথা গুৱাহাটী পৌৰ নিগমে কোনো ব্যৱস্থা গ্রহণ কৰা নাই৷ চৰকাৰ-প্রশাসনৰ এনেধৰণৰ মৌনতাৰ বাবেই ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ গ্রাহকসকল চৰম অসুবিধাৰ সন্মুখীন হ’ব লগীয়াত পৰিছে৷

No comments:

Post a Comment

SPONSORED