পূব ভাৰত দেহশ্রীত অসমৰ ৪টা সোণ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

January 9, 2020

পূব ভাৰত দেহশ্রীত অসমৰ ৪টা সোণ

গুৱাহাটী : উত্তৰ বংগৰ কোচবিহাৰত যোৱা ৫ জানুৱাৰীত অনুষ্ঠিত পূব ভাৰত দেহশ্রী প্রতিযোগিতাত অসমে ৪টা সোণ আৰু এটা ৰূপৰ পদক বুটলিবলৈ সক্ষম হয়৷ অসম শৰীৰ চর্ সংস্থাৰ সাধাৰণ সম্পাদক মনোৰঞ্জন শর্মাও উপস্থিত থকা প্রতিযোগিতাত শিৱসাগৰৰ পাপু দাস নিজৰ শাখাত প্রথম হোৱাৰ উপৰি পূব ভাৰত দেহশ্রীত ৰানার্ছ আপ হয়৷

কামৰূপৰ সঞ্জীৱ দাসে গ্রুপত প্রথম, গোৱালপাৰাৰ তপন দৈমাৰীয়ে নিজ গ্রুপত প্রথম আৰু ধুবুৰীৰ মইনুল হকে গ্রুপত প্রথম স্থান দখল কৰে৷ গোৱালপাৰাৰ জীৱন ৰায়ে নিজৰ শাখাত লাভ কৰে ৰূপৰ পদক৷

No comments:

Post a Comment

SPONSORED