গুৱাহাটী : বিজেপি মিত্রজোঁটৰ চৰকাৰে শাসনলৈ অহাৰ পাছতেই মহানগৰবাসীয়ে এক পৰিৱর্তনৰ সপোন দেখিছিল৷ আশা কৰিছিল মহানগৰখনৰ দ্রুত উন্নয়নৰ ক্ষেত্রত চৰকাৰখনে বিশেষ গুৰুত্ব দিব৷ বাস্তৱত মহানগৰবাসীৰ কেইবাটাও দীর্ঘদিনীয়া সমস্যা সমাধানহীনতাৰ দিশেহে গৈ আছে৷ চাৰিটা বছৰে চৰকাৰে মহানগৰবাসীক বিশুদ্ধ খোৱাপানীকেই যোগান ধৰিব নোৱাৰিলে৷জনস্বাস্থ্য কাৰিকৰী বিভাগে যোগান ধৰা পানীয়ে সমগ্র মহানগৰবাসীৰ চাহিদা পূৰণ কৰিব নোৱাৰে৷
প্রতিবছৰে বাৰিষা এজাক বৰষুণ দিলেই মহানগৰৰ বিভিন্ন অঞ্চলত সৃষ্টি হোৱা কৃত্রিম বানত মহানগৰবাসীয়ে যমৰ যাতনা উপভোগ কৰিব লগীয়া হয়৷ সময়ত মহানগৰৰ নলা-নর্দমা আৰু নদীসমূহৰ আৱর্জনা নিষ্কাশন নকৰাৰ বাবেই সৃষ্টি হয় ভয়াৱহ কৃত্রিম বানৰ৷ গুৱাহাটীৰ মাজেৰে বৈ যোৱা ভৰলু আৰু বাহিনী নৈ দুখনৰ লগতে নদী দুখনৰ সংযোগী পানী পৰিবাহী নলাসমূহৰ উন্নয়ন আৰু সংৰক্ষণৰ ক্ষেত্রত চৰকাৰ তথা দায়িত্বশীল বিভাগসমূহে চৰম ব্যর্থতা গ্রহণ কৰি আহিছে৷
প্রতিবছৰে চৰকাৰে কোটি কোটি টকা মোকলাই দিয়াৰ পাছতো আজিলৈকে নদী আৰু নলাসমূহৰ উন্নয়ন কৰিব নোৱাৰিলে চৰকাৰী বিভাগসমূহে৷ গুৰুত্বপূর্ণভাৱে মহানগৰৰ আইন-শৃংখলাৰ উন্নয়নৰ বাবে নতুন চৰকাৰখনে গুৰুত্ব দিব লাগিছিল যদিও নিদিয়াত অধিক বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা৷ তেনেদৰে পাণবজাৰ-উত্তৰ গুৱাহাটী সংযোগী দলং নির্মাণ, ৰ’পৱে নির্মাণ, নাৰেংগী-বোন্দা-কুৰুৱা সংযোগী দলং নির্মাণ কৰা, গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলং নির্মাণ আৰু মহানগৰৰ ৰাজপথত সৃষ্টি হোৱা যান-জঁট নিয়ন্ত্রণৰ লগতে ৰাস্তা-ঘাটৰ উন্নয়ন, পর্যটন ব্যৱস্থাৰ উন্নীতকৰণ,
পাহাৰ অঞ্চলৰ লোকসকলক ভূমি পট্টা দিয়াৰ ব্যৱস্থা কৰা, ষ্ট্রীট লাইট, নলা-নর্দমাৰ উন্নয়ন, ক্ষুদ্র ব্যৱসায়ীসকলৰ সমস্যা সমাধান কৰাৰ ক্ষেত্রতো চৰকাৰখনে বিফলতা গ্রহণ কৰিলে৷ অর্থাৎ পূর্বৰ চৰকাৰৰ দৰেই এইখন চৰকাৰেও প্রতিশ্রুতি দি আৰু ঘোষণা কৰিয়েই সামৰিছে দায়িত্ব৷ মহানগৰৰ উন্নয়নৰ বাবে কেইবাখনো গুৰুত্বপূর্ণ আঁচনি গ্রহণ কৰাৰ পাছতো আৰম্ভ কৰা নাই আঁচনিৰ কাম৷ যাৰ বাবে উন্নয়নৰ পৰা বঞ্চিত হৈছে ৰাজধানী মহানগৰ৷
No comments:
Post a Comment