অসম এৰিব ক্ষুব্ধ ন্যায়াধীশ স্বাতী বিধান বৰুৱাই - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Thursday, January 30, 2020

অসম এৰিব ক্ষুব্ধ ন্যায়াধীশ স্বাতী বিধান বৰুৱাই

ডিব্রুগড় : অসম এৰিব  ন্যায়াধীশ স্বাতী বিধান বৰুৱাই৷ তৃতীয় লিংগৰ অধিকাৰৰ বাবে দীর্ঘদিন ধৰি আইনী যুঁজ দি অহা তথা অসমৰ প্রথমগৰাকী তৃতীয় লিংগৰ ন্যায়াধীশ স্বাতী বিধান বৰুৱাই অসম এৰিব৷ তেওঁ চৰকাৰক তীব্র সমালোচনা কৰি কয় যে তৃতীয় লিংগৰ প্রতি কেৱল সমাজৰে নহয়, চৰকাৰৰো চৰম অৱহেলা৷ আমি তৃতীয় লিংগৰ ব্যক্তিসকল, প্রায়েই একাংশ মানুহৰ দ্বাৰা ৰাজহুৱাকৈ ঠাট্টা–মস্কৰাৰ সন্মুখীন হ’ব লগা হয়৷ সকলো লোকৰে সম অধিকাৰ আছে৷ তৃতীয় লিংগসকলো সমাজৰেই এজন৷ গতিকে তেওঁলোকৰো সন্মান সহকাৰে জীয়াই থকাৰ অধিকাৰ আছে৷ কিন্তু বিগত ১০ বছৰে নেৰানেপেৰা প্রচেষ্টাৰ পাছতো সফল নহ’ল স্বাতী বিধান বৰুৱা৷


সমাজৰ লগতে চৰকাৰেও কোনো গুৰুত্ব নিদিলে তৃতীয় লিংগৰ লোকসকলক৷ ডিব্রুগডৰ মোহনবাৰী বিমানবন্দৰত‘Equality Awareness program’ শীর্ষক এক সজাগতা সভাত অংশগ্রহণ কৰি স্বাতী বিধান বৰুৱাই বৈদিক–পৌৰাণিক শাস্ত্রসমূহত তৃতীয় লিংগসকল সন্দর্ভত থকা বিভিন্ন তথ্যৰ উদ্ধৃতি দি বক্তব্য প্রদান কৰে৷ সজাগতা সভাত ভাৰতীয় বিমানসেৱা প্রাধিকৰণৰ উত্তৰ–পূর্বাঞ্চলৰ আঞ্চলিক কার্যবাহী সঞ্চালক সঞ্জীৱ জিন্দাল উপস্থিত থাকি সমাজত যাতে তৃতীয় লিংগসকল কোনো কাৰণতে উপেক্ষিত হৈ নাথাকে, অন্যান্য লোকসকলৰ দৰেই বিমানসেৱাতো তেওঁলোক নিযুক্তি পাবলৈ সক্ষমবুলি উল্লেখ কৰি তেওঁলোকক অন্য দৃষ্টিৰে নাচাবলৈ আহ্বান জনায়৷

No comments:

Post a Comment

SPONSORED