পুনৰ অস্ত্র লোৱাৰ হুংকাৰ ৫ আদিবাসী সংগঠনৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

January 30, 2020

পুনৰ অস্ত্র লোৱাৰ হুংকাৰ ৫ আদিবাসী সংগঠনৰ

বঙাইগাঁও: বড়ো নেতৃত্বৰে কেন্দ্র–ৰাজ্য চৰকাৰৰ শান্তি চুক্তিত স্বাক্ষৰ হোৱাৰ পাছতে তৎপৰ হৈ পৰিছে যুদ্ধবিৰতিত থকা পাঁচ আদিবাসী সশস্ত্র সংগঠন৷ অকল তৎপৰ হোৱাই নহয়, শান্তি চুক্তিত স্বাক্ষৰৰ বাবে সংগঠনকেইটাই চৰকাৰক ১৫ দিনৰ সময়সীমা বান্ধি দিছে৷ ইয়াৰ অন্যথা পুনৰ হাতত অস্ত্র তুলি লোৱাৰ হুংকাৰ দিয়ে আটাইকেইটা সংগঠনৰ নেতৃত্বই৷

কালি বঙাইগাঁও প্রেছ ক্লাবত আয়োজিত এখন সংবাদ মেলত দীর্ঘদিন ধৰি যুদ্ধবিৰতিত থকা কোব্রা মিলিটেণ্ট ফ’চ, বীৰছা কমাণ্ডো ফ’চ, আপা, এছ টি এফ আৰু আনলাৰ নেতৃত্বই চৰকাৰে তেওঁলোকক গুৰুত্ব নিদিয়াৰ অভিযোগ তোলে৷ এই সন্দর্ভত কোব্রা মিলিটেণ্ট ফ’চৰ উপ–সেনাধ্যক্ষ ৰতন টুডুৱে কয়– আমি ২০০১ চনৰ পৰা যুদ্ধবিৰতি ঘোষণা কৰি চৰকাৰৰ সৈতে শান্তি আলোচনা কৰি আহিছোঁ৷ কিন্তু প্রায় দুটা দশক অতিক্রম কৰাৰ পাছতো আলোচনাৰ ফলপ্রসূ সমাধান নোলাল৷ এই সময়ত চৰকাৰে আদিবাসীসকলৰ সমস্যা সমাধানৰ প্রতি আন্তৰিকতা প্রকাশ নকৰাৰ ফলত দীর্ঘদিনে আলোচনাই কোনো গুৰুত্ব লাভ কৰা নাই৷ চৰকাৰে প্রকৃতার্থত যদি শান্তি আনিব বিচাৰিছে, তেন্তে এন ডি এফ বিৰে কেৱল আলোচনা কৰিলে নহ’ব৷ বৰং চৰকাৰে নিৰপেক্ষভাৱে বাকী যুদ্ধবিৰত সংগঠনসমূহৰ সৈতেও আলোচনা কৰিলেহে শান্তিৰ বাতাৱৰণ আহিব৷


ইফালে যুদ্ধবিৰত নেতাজনে আগন্তুক ১৫ দিনৰ ভিতৰত পাঁচ সংগঠনৰে শান্তি চুক্তিৰ জৰিয়তে চৰকাৰে সমাধান সূত্র নুলিয়ালে পুনৰ হাতত তুলি লোৱাৰ হুংকাৰ দিয়ে৷ কোব্রা মিলিটেণ্ট ফ’চৰ অধ্যক্ষ জেব্রিয়াছ খাখাই তৃতীয়খন বড়ো চুক্তিৰ জৰিয়তে বি টি আৰ গঠনত আদৰণি জনালেও বি টি আৰত আদিবাসী লোকসকলৰ অধিকাৰ সুৰক্ষিত ৰখাৰ বাবে দাবী জনায়৷ কেন্দ্রীয় চৰকাৰৰ দ্বাৰা স্বায়ত্তশাসিত পৰিষদ গঠনৰ জৰিয়তে ৰাজ্যৰ আদিবাসীসকলৰ উন্নয়নৰ ব্যৱস্থা গ্রহণ কৰিবলৈও চৰকাৰক দাবী জনায় তেওঁ৷ বীৰছা কমাণ্ডো ফ’চৰ মুখ্য সেনাধ্যক্ষ বীৰছিং মুণ্ডাই আদিবাসীসকলৰ সমস্যা সমাধানত পূর্বৰ কংগ্রেছ আৰু বর্তমানৰ বিজেপি দুয়োখন চৰকাৰে গুৰুত্বহীন মনোভাব পোষণ কৰি অহা বুলি অভিযোগ কৰি কয় যে পাঁচ আদিবাসী সংগঠনে দুটা দশক ধৰি যুদ্ধবিৰতিত আছে৷ আলোচনা কালত চৰকাৰে বহু প্রতিশ্রুতি আৰু আশ্বাস প্রদান কৰিছে৷ কিন্তু চৰকাৰে বর্তমানলৈ কোনো প্রতিশ্রুতিৰে বাস্তৱ ৰূপ দিয়া পৰিলক্ষিত হোৱা নাই৷

ইয়াৰ মাজতে এন ডি এফ বিৰে তৃতীয়খন বড়ো শান্তি চুক্তি স্বাক্ষৰ কৰি বি টি আৰ গঠন কৰিছে চৰকাৰে৷ বড়ো চুক্তিৰ দৰে শীঘ্রে চৰকাৰে আদিবাসী চুক্তি স্বাক্ষৰৰ বাবে তেওঁ চৰকাৰক আহ্বান জনায়৷ আদিবাসী যুদ্ধবিৰত সশস্ত্র সংগঠনসমূহে অসমক দ্বিখণ্ডিত কৰাৰ দৰে দাবী উত্থাপন কৰা নাই বুলি উল্লেখ কৰি তেওঁ কয়– আমি অসমক দ্বিখণ্ডিত কৰাৰ কথা ভবা নাই নতুবা দাবীও উত্থাপন কৰা নাই৷ ৰাজ্যখনক দ্বিখণ্ডিত কৰাৰ দৰে সংগঠনৰ সৈতে বাৰে বাৰে চৰকাৰে আলোচনা আৰু শান্তি চুক্তি কৰি আহিছে যদিও আদিবাসীৰ জনজাতিকৰণৰ দাবী জনাই থকা সংগঠনক চৰকাৰে সদায় উপেক্ষা কৰি আহিছে৷

No comments:

Post a Comment

SPONSORED