জে পি নড্ডা বিজেপিৰ সভাপতি নির্বাচিত - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Tuesday, January 21, 2020

জে পি নড্ডা বিজেপিৰ সভাপতি নির্বাচিত

নতুন দিল্লী : বিজেপিৰ জ্যেষ্ঠ নেতা জগত পাল নড্ডা আজি বিনা প্রতিদ্বন্দ্বিতাৰে বিজেপিৰ সভাপতি নির্বাচিত হয় আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ পৰা সভাপতি হিচাপে কার্যভাৰ গ্রহণ কৰে৷ 


শ্বাহ আৰু বিজেপিৰ আন ভালেমান জ্যেষ্ঠ নেতাৰ উপস্থিতিত নড্ডা বিনা প্রতিদ্বন্দ্বিতাৰে নির্বাচিত হয়৷ তাৰ আগতে আজি আগবেলা কেন্দ্রীয় মন্ত্রীসকল আৰু বিজেপি-শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্রীসকলকে ধৰি ভালেমান জ্যেষ্ঠ নেতাই বিজেপিৰ মুখ্য কার্যালয়ত নড্ডাৰ সমর্থনত মনোনয়ন-পত্র দাখিল কৰে৷

মন কৰিব লগীয়া যে নড্ডাৰ প্রতি প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু অমিত শ্বাহ দুয়োজনৰে সমর্থন আছে৷ ২০১৯ চনৰ জুলাইত নড্ডাক বিজেপিৰ কার্যকৰী সভাপতি হিচাপে নিযুক্তি দিয়া হৈছিল৷ শ্বাহক মোদী মন্ত্রীসভাত অন্তর্ভুক্ত কৰাৰ পাছত তেওঁক কার্যকৰী সভাপতি হিচাপে নিযুক্তি দিয়া হৈছিল৷ তেতিয়াই এটা ইংগিত পোৱা গৈছিল যে হিমাচল প্রদেশৰ নেতাজন বিজেপিৰ সভাপতি পদৰ বাবে মোদী আৰু শ্বাহৰ শীর্ষ পচন্দৰ ব্যক্তি৷

উল্লেখযোগ্য যে বিজেপিয়ে সদায় ঐকমত্যৰ ভিত্তিত দলটোৰ সভাপতি নির্বাচন কৰি আহিছে আৰু কেতিয়াও প্রতিদ্বন্দ্বিতা হোৱা নাই৷ নড্ডা বিনা প্রতিদ্বন্দ্বিতাৰে নির্বাচিত হোৱাৰ এইটোৱেই অন্যতম প্রধান কাৰণ৷ বিজেপিৰ সভাপতি নির্বাচিত হোৱাৰ কাৰণে নড্ডাক প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু গৃহমন্ত্রী অমিত শ্বাহকে ধৰি নেতৃবর্গই অভিনন্দন জনায়৷

No comments:

Post a Comment

SPONSORED