সৰুপেটাৰ সানিকুৰাত কিশোৰ হত্যা : হত্যাকাৰী পিতৃক গ্ৰেপ্তাৰ, দুজন পলাতক - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Monday, January 20, 2020

সৰুপেটাৰ সানিকুৰাত কিশোৰ হত্যা : হত্যাকাৰী পিতৃক গ্ৰেপ্তাৰ, দুজন পলাতক

ভৱানীপুৰ : সৰুপেটা আৰক্ষী চকীৰ অন্তৰ্গত চাউলীয়াবড়ী ৰাজহ গাঁৱৰ সানিকুৰা চুবাত যোৱা ১৮ জানুৱাৰীৰ নিশা এজন বাৰ বছৰীয়া কিশোৰ ছাত্ৰক নৃশংসভাৱে পালিত পিতৃৰ লগত দুজন হত্যাকাৰীয়ে হানি-খুচি হত্যা কৰা ঘটনা কালি পুৱা পোহৰলৈ অহাৰ পাছত আজি গ্ৰেপ্তাৰ কৰা হৈছে পালিত পিতৃক। 


দুটা হত্যাকাৰী বাতৰি লিখালৈকে পলাতক হৈ আছে বুলি আৰক্ষীৰ তৰফৰ পৰা জানিবলৈ পৰা গৈছে। ঘটনাৰ বিৱৰণী মতে, সানিকুৰা গাঁৱৰ শ্ৰমিক আমীৰ আলী দুটা অপৰাধীৰ লগত মিলি ১৮ জানুৱাৰীৰ নিশা দ্বিতীয় বিবাহসূত্ৰে লাভ কৰা সানিকুৰা প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ আলি হুছেইন(১২)ক সানিকুৰাৰ দক্ষিণদিশে পথাৰ এখনৰ বৃহৎ পুখুৰীৰ পাৰত চোকা অস্ত্ৰৰে হানি-খুচি নৃশংসভাৱে হত্যা কৰি পেলায় থৈ যায়। 

কালি স্থানীয় এগৰাকী মহিলাই পুখুৰীৰ পাৰত মৃতদেহটো প্ৰত্যক্ষ কৰি ৰাইজক অৱগত কৰে। ৰাইজে স্থানীয় আৰক্ষীৰ লগত মিলি মৃতদেহটো উদ্ধাৰ কৰে। আৰক্ষীয়ে তৎপৰাত ‘স্নিফাৰ ডগ’ লৈ যেতিয়া হত্যাকাণ্ডৰ তদন্তত নামে, আজি হত্যাৰ বলি হোৱা দুৰ্ভগীয়া কিশোৰজনৰ পালিত পিতৃক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ তদন্তত আৰু দুটা হত্যাকাৰী এই হত্যাকাণ্ডৰ লগত জড়িত থকাৰ তথ্য পোৱা গৈছে। হত্যাৰ বলি হোৱা কিশোৰজনৰ মাতৃয়ে ইতিমধ্যে এখন এজাহাৰ সৰুপেটা আৰক্ষী চকীত দাখিল কৰে। আনহাতে, পালিত পিতৃয়ে সম্পত্তিৰ ভাগ কিশোৰজনক দিব লাগিব বুলিয়ে এই হত্যাকাণ্ড সংঘটিত কৰিছে বুলি আৰক্ষীৰ জেৰাত ওলাই পৰিছে বুলি জানিব পৰা গৈছে।

No comments:

Post a Comment

SPONSORED