চিত্ৰ আঁকি বিশ্ব ৰেকৰ্ড ৭০০০ শিক্ষাৰ্থীৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Tuesday, January 28, 2020

চিত্ৰ আঁকি বিশ্ব ৰেকৰ্ড ৭০০০ শিক্ষাৰ্থীৰ

নতুন দিল্লী : প্ৰকৃতিৰ ওপৰত মানুহে কৰা অত্যাচাৰ আৰু তাৰফলত সৃষ্টি হোৱা ভাৰসাম্যহীনতাৰ প্ৰতি লক্ষ্য ৰাখি তামিলনাডুৰ ৭ হাজাৰ শিক্ষাৰ্থীৰ অভিনৱ পদক্ষেপ। তামিলনাডুৰ মাদুৰাইৰ CEOA নামৰ বিদ্যালয়খনৰ ৭ হাজাৰ শিক্ষাৰ্থীয়ে একলগে গছ-গছনিৰ স্থিৰ চিত্ৰ অংকন কৰি বিশ্ব ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয়।



উল্লেখ্য যে পূৰ্বতে নেডাৰলেণ্ডৰ এখন বিদ্যালয়ৰ ২ হাজাৰ শিক্ষাৰ্থীয়ে একলগে গছ-গছনিৰ চিত্ৰ আঁকি বিশ্ব ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছিল। CEOA নামৰ বিদ্যালয়খনৰ ৰূপালী জয়ন্তী উপলক্ষে এই চিত্ৰাংকণ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল। বিদ্যালয়খনৰ সকলো শ্ৰেণীৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা এই চিত্ৰাংকণ প্ৰতিযোগিতাই বিশ্ৱ ৰেকৰ্ড গঢ়িবলৈ সক্ষম হোৱাত সুখী বিদ্যালয়খনৰ কৰ্তৃপক্ষ।

No comments:

Post a Comment

SPONSORED