গুৱাহাটী : এইবাৰ ৰাষ্ট্রীয় সাহসিকতাৰ বঁটা লাভ কৰিছে উত্তৰ গুৱাহাটীৰ কিশোৰ কমল কৃষ্ণ দাসে৷ ব্রহ্মপুত্রৰ বুকুত সংঘটিত এক নাও দুর্ঘটনাত নিজৰ মাতৃ আৰু পেহীয়েকক সাহসিকতাৰে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ বাবেই কেন্দ্রীয় চৰকাৰে কিশোৰ কমল কৃষ্ণক ৰাষ্ট্রীয় সাহসিকতাৰ বঁটাৰে সন্মানিত কৰিছে৷ এইবাৰ দেশৰ মুঠ ২২ গৰাকী শিশু, কিশোৰক সাহসিকতা বঁটা প্রদান কৰা হৈছে৷ এইসকলৰ ভিতৰত আছে দহগৰাকী কিশোৰী আৰু বাৰজন কিশোৰ৷
প্রণিধানযোগ্য যে কমল কৃষ্ণ দাসৰ সাহসিকতা অতি প্রশংসনীয়৷ দিনটো আছিল ২০১৮ চনৰ ছেপ্টেম্বৰ মাহৰ ৫ তাৰিখ৷ গুৱাহাটীৰ ফাঁচি বজাৰৰ ব্রহ্মপুত্রৰ ঘাটৰ পৰা এখন ফেৰীত উত্তৰ গুৱাহাটীলৈ বুলি ৰাওনা হৈছিল কিশোৰ কমল৷ লগত আছিল মাক আৰু পেহীয়েক৷ কিন্তু উত্তৰ গুৱাহাটী পাৰ ঘাট পাবলৈ কিছু দূৰ থকাৰ সময়তে জাইকাৰ নির্মীয়মাণ পানী যোগান প্রকল্পৰ খুঁটাত খুন্দা মাৰিছিল ফেৰীখনে৷ লগে লগে ফেৰীখন মাজতে দুটা ভাগত বিভক্ত হৈ পৰিছিল৷
যাত্রীসকলৰ কিছুসংখ্যকে জাইকাৰ পানী যোগান প্রকল্পৰ খুঁটাত ধৰি প্রাণ বচাবলৈ চেষ্টা কৰিছিল আৰু আন কিছুসংখ্যক পানীত উটি গৈছিল৷ এনে পৰিস্থিতিত সাঁতুৰিব জনা কিশোৰ কমলে প্রথমতে মাকক আৰু তাৰ পাছত লুইতৰ সোঁতত উটি যোৱা পেহীয়েকক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল৷ কমলে সেইদিনা নিজৰ জীৱনকো তুচছ কৰি মাক আৰু পেহীয়েকক উদ্ধাৰ কৰাৰ বাবেই আজি তেওঁক কেন্দ্রীয় চৰকাৰে ৰাষ্ট্রীয় সাহসিকতাৰ বঁটাৰে সন্মানিত কৰিছে৷ ছেইণ্ট এন্থনী স্কুলৰ ছাত্র কমলৰ পিতৃৰ নাম হৈছে ধনঞ্জয় দাস আৰু মাতৃৰ নাম জিতুমণি দাস৷
No comments:
Post a Comment