সাপেখাতীত ৰহস্যজনক বিস্ফোৰণ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Wednesday, January 22, 2020

সাপেখাতীত ৰহস্যজনক বিস্ফোৰণ

 গুৱাহাটী : গণৰাজ্য দিৱসলৈ মাজত মাথোঁ কেইটামান দিন বাকী থকা অৱস্থাত সাপেখাতী চাৰিআলিৰ সমীপৰ ঐতিহাসিক ধোদৰ আলিৰ কাষত থকা কানু পালৰ দোকানৰ সন্মুখত যোৱা নিশা প্রায় 11-25 বজাত সংঘটিত এক প্রচণ্ড বিস্ফে াৰণৰ শব্দই সমগ্র সাপেখাতী অঞ্চলতে এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰে৷ 



 কোনো ধৰণৰ প্রাণহানি হোৱা নাই যদিও প্রচণ্ড বিস্ফোৰণৰ ফলত পালৰ দোকানৰ সন্মুখত এটি গাঁত সৃষ্টি হোৱাৰ লগতে ধোদৰ আলিৰ কাষেৰে যোৱা এঘাৰ হাজাৰ ভল্টৰ বিদু্যৎ পৰিবাহী এডাল তাঁৰ ছিঙাৰ উপৰি দোকানখনৰ টিন, বাঁহৰ বেৰ আদি ওফৰাই পেলায়৷ বিস্ফোৰণৰ প্রাবল্য ইমানেই বেছি আছিল যে বিস্ফোৰণস্থলীৰ কাষৰ বাসিন্দাসকলৰ ঘৰ-দুৱাৰ জোকাৰি পেলাইছিল আৰু বিস্ফোৰণৰ শব্দ প্রায় দহ কিল’মিটাৰ পর্যন্ত দূৰলৈকে শুনিবলৈ পোৱা গৈছিল বুলি জানিব পৰা গৈছে৷ আনহাতে, প্রচণ্ড বিস্ফোৰণটোৰ ফলত বিস্ফোৰণস্থলীৰ পৰা বালি মাটি প্রায় এশ মিটাৰ দূৰলৈকে ছিটিকি পৰা বুলি স্থানীয় লোকে প্রতিবেদকক জানিবলৈ দিয়ে৷ 

 আগন্তুক গণৰাজ্য দিৱসৰ প্রাকক্ষণত উগ্রপন্থীয়ে যাতে কোনো ধৰণৰ কূটাঘাতসংঘটিত কৰিব নোৱাৰে তাৰ বাবে টহল দি থকা আৰক্ষী আৰু সেনাই ঘটনা সংঘটিত হোৱাৰ প্রায় দহ মিনিটৰ ভিতৰত ঘটনাস্থলীত উপস্থিত হৈ বিস্ফোৰণস্থলী পর্যবেক্ষণ কৰে যদিও বিস্ফোৰণৰ ঘটনাটোক লৈ সন্দিহান হৈ পৰে৷সেনা-আৰক্ষীৰ মতে, আই ই ডি বোমা বিস্ফোৰণ হ’লে বিস্ফোৰণস্থলীত যি ধৰণৰ সা-সামগ্রী উদ্ধাৰ হ’ব লাগিছিল যদিও এনেধৰণৰ কোনো সামগ্রীয়েই তেওঁলোকে ঘটনাস্থলীত নাপালে৷ আনহাতে, আই ই ডি জাতীয় বোমা বিস্ফোৰণ হ’লে বিস্ফোৰণস্থলীৰ কাষত যি ধৰণৰ ক্ষয়-ক্ষতি হ’ব লাগিছিল তেনে ধৰণৰ কোনো ক্ষয়-ক্ষতিও সংঘটিত হোৱা নাই৷

 আজি ঘটনাস্থলীলৈ সেনাৰ বোমা বিশেষজ্ঞ দলৰ লগতে স্নিফাৰ ডগ আনিও বিস্ফোৰণ-কাণ্ডটোৰ সন্দর্ভত তথ্য উদ্ধাৰৰ চেষ্টা কৰা পৰিলক্ষিত হয়৷দলটোৱে বিস্ফোৰক সামগ্রী ব্যৱহাৰৰ কোনো ধৰণৰ তথ্য লাভ নকৰাত সেনা আৰক্ষীয়ে বিস্ফোৰণ-কাণ্ডটোত কোনো ধৰণৰ বিস্ফোৰক সামগ্রী ব্যৱহাৰ হোৱা নাই বুলি দাবী কৰাৰ লগতে বিস্ফোৰণস্থলীৰ কাষতে থকা বেটাৰী চার্জৰ দোকানখনৰ পৰা পেলোৱা ৰাসায়নিক দ্রব্যৰ পার্শ্বক্রিয়া সংঘটিত হৈ বিস্ফোৰণ-কাণ্ড সংঘটিত হোৱা বুলি ক’ব বিচাৰে৷ অৱশ্যে, বিস্ফোৰণ-কাণ্ডৰ সঠিক তথ্য উদ্ধাৰৰ বাবে ইতিমধ্যে বিস্ফোৰণস্থলীৰ পৰা মাটিৰ নমুনা সংগ্রহ কৰি পৰীক্ষাৰ বাবে গুৱাহাটীলৈ পঠিওৱা বুলি আৰক্ষী সূত্রই জানিবলৈ দি তেতিয়াহে ঘটনাৰ প্রকৃত সত্যতা পোহৰলৈ আহিব বুলি কয়৷ আনহাতে, সেনা-আৰক্ষীয়ে বিস্ফোৰণ-কাণ্ডটো সহজভাৱে লৈছে যদিও অঞ্চলটোৰ কোনোৱে বিস্ফোৰণ- কাণ্ডটো সহজভাৱে ল’ব পৰা নাই৷

No comments:

Post a Comment

SPONSORED