পৰেশ বৰুৱাক আলোচনালৈ আমন্ত্ৰণ হিমন্তৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Tuesday, January 28, 2020

পৰেশ বৰুৱাক আলোচনালৈ আমন্ত্ৰণ হিমন্তৰ

গুৱাহাটী : সোমবাৰে ঐতিহাসিক বড়ো শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ পাচতে মঙলবাৰে পুৱাৰ জনতা ভৱনত এক সংবাদমেল সম্বোধন কৰে ৰাজ্য বিত্ত, স্বাস্থ্য, শিক্ষা আৰু গড়কাপ্টানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। বড়ো শান্তি চুক্তি আৰু আন্দোলনকাৰীৰ প্ৰসংগ উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে অসম আৰু মণিপুৰত শান্তি প্ৰতিষ্ঠানৰ বাবে সশস্ত্ৰ সংগ্ৰামী সকলক আলোচনাৰ মেজলৈ আমন্ত্ৰণ জনায়।



ব’হাগ বিহুৰ আশে-পাশে অসমবাসীক সাংবিধানিক , সাংস্কৃতিক আৰু ৰাজনৈতিক সুৰক্ষা দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰ প্ৰস্তুত হৈ আছে বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। কেন্দ্ৰীয় চৰকাৰ তথা গৃহমন্ত্ৰী অমিত শ্বাহে অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী সমিতিৰ অনুমোদন সমূহক অতি ইতিবাচক দৃষ্টিকোণেৰে বিবেচনা কৰাৰ বাবে আগ্ৰহী হৈ আছে বুলি কয় হিমন্ত বিশ্ব শৰ্মাই। এই সংবাদমেলৰ জৰিয়তেই আলফা(স্বা)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাকো বড়ো ঐতিহাসিক চুক্তিৰ পৰিপ্ৰেক্ষিতত আলোচনাৰ মেজলৈ আহিবলৈ অনুৰোধ জনায় হিমন্ত বিশ্ব শৰ্মাই। যদি সংযুক্ত মুক্তি বাহিনী অসম আলোচনাৰ মেজলৈ আহিব বিচাৰে তেন্তে ভাৰত চৰকাৰেও ইয়াৰ বাবে আগবাঢ়ি আহিব। এইক্ষেত্ৰত সমূহ অসমবাসীৰ হৈ পৰেশ বৰুৱালৈ অনুৰোধ জনায় বড়োভূমিৰ দৰে সমগ্ৰ অসম আৰু উত্তৰপূবত শান্তি ঘূৰাই অনাৰ কামনা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

No comments:

Post a Comment

SPONSORED