গুৱাহাটী : মেট্রিকত অসৎ উপায় অৱলম্বন কৰা পৰীক্ষার্থীৰ বিৰুদ্ধে অধিক কঠোৰ হ’ব ছেবা কর্তৃপক্ষ৷ আগন্তুক মেট্রিক আৰু হাইমাদ্রাছা পৰীক্ষাৰ আগত আজি ছেবাই গ্রহণ কৰিছে বহু গুৰুত্বপূর্ণ সিদ্ধান্ত৷ নকল কৰি
ধৰা পৰিলে কোনো পৰীক্ষার্থী ৩ বছৰলৈ নিলম্বিত হ’ব৷ উল্লেখযোগ্য যে পূর্বৰ নিয়ম অনুসৰি নকল কৰি ধৰা পৰিলে পৰীক্ষা গৃহৰ পৰা নিলম্বন কৰা হয়৷
কিন্তু এইবাৰৰ পৰা প্রযোজ্য হ’বলগীয়া নিয়ম অনুসৰি ৩ বছৰলৈ নিলম্বিত ছাত্র-ছাত্রীয়ে পুনৰ মেট্রিকত অৱতীর্ণ হ’ব নোৱাৰিব৷ ফলত ৩টা শিক্ষাবর্ষ নষ্ট হ’ব অসৎ উপায় অৱলম্বন কৰা ছাত্র-ছাত্রীৰ৷ পৰীক্ষা কেন্দ্রসমূহৰ দেৱালত লিখা থাকিব এইদৰে– ‘নকলৰ পৰা সাৱধান’৷ পৰীক্ষা কেন্দ্রসমূহত ম’বাইল ফ’নৰ ব্যৱহাৰৰ ওপৰতো ছেবাই নিষেধাজ্ঞা আৰোপ কৰিছে৷
ইফালে যিবোৰ পৰীক্ষা কেন্দ্রই সুচাৰু ৰূপে পৰীক্ষা অনুষ্ঠিত কৰাত ব্যর্থতা প্রদর্শন কৰে, তেনে পৰীক্ষা কেন্দ্রৰ ওপৰতো কঠোৰ হ’ব ছেবা৷ প্রয়োজনত তেনে পৰীক্ষা কেন্দ্র ভৱিষ্যতে বাতিল হ’ব৷ প্রশ্নকাকত ফাদিল হোৱা বিষয়টোলৈ চাই এইবাৰ পৰীক্ষাগৃহত প্রশ্নকাকত খোলাৰ নির্দেশ দিছে ছেবাই৷ পৰীক্ষাগৃহত দুজন পৰীক্ষার্থীৰ সন্মুখত পৰীক্ষকে প্রশ্নকাকত খুলিব লাগিব৷ আনহাতে এইবাৰ ৮৬০টা পৰীক্ষা কেন্দ্রত জামাৰ সংযোগ স্থাপন কৰা হ’ব বুলি ছেবা কর্তৃপক্ষই সদৰী কৰিছে৷
আজিৰ এই গুৰুত্বপূর্ণ সিদ্ধান্তৰ বিষয়ে সংবাদ মাধ্যমক অৱগত কৰি ছেবাৰ অধ্যক্ষ আৰ চি জৈনে কয় যে পূর্বৰ তুলনাত মেট্রিকত বিসংগতি বহুখিনি দূৰ হৈছে৷ নকল প্রথা সম্পূর্ণৰূপে নাইকিয়া কৰিবলৈ কর্তৃপক্ষ কঠোৰ পদক্ষেপ ল’বলৈ বাধ্য হৈছে বুলিও তেওঁ কয়৷ প্রণিধানযোগ্য যে ১০ ফেব্রুৱাৰীৰ পৰা মেট্রিক আৰু হাইমাদ্রাছা পৰীক্ষা অনুষ্ঠিত হ’ব৷
No comments:
Post a Comment