অত্যাধুনিক ৰাফেল-তেজাছ, বিধ্বংসী ক্ষেপনাস্ত্ৰ, টেংকাৰৰ প্ৰদৰ্শনেৰে মুখৰিত দিল্লীৰ ৰাজপথ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

January 26, 2020

অত্যাধুনিক ৰাফেল-তেজাছ, বিধ্বংসী ক্ষেপনাস্ত্ৰ, টেংকাৰৰ প্ৰদৰ্শনেৰে মুখৰিত দিল্লীৰ ৰাজপথ

গুৱাহাটী :  সমগ্ৰ দেশে আজি  পালন কৰিছে ৭১ সংখ্যক গণৰাজ্য দিৱস। এই উপলক্ষে ৰাজধানী দিল্লীৰ ৰাজপথত পুৱা ৯ বজাৰ পৰা আৰম্ভ হয় পেৰেড।আজিৰ এই পেৰেডত প্ৰথমবাৰৰ বাবে আপাচি হেলিকপ্টাৰ প্ৰদৰ্শন কৰা হয়।
ইপিনে ভাৰতীয় বায়ুসেনাই আজি প্ৰদৰ্শন কৰে ভাৰতীয় বায়ুসেনাক ন কৈ সংযোজন হোৱা ৰীফেল যুদ্ধবিমান, যুদ্ধবিমান তেজাছ, লগতে বায়ুসেনাৰ আন ৪১ খন বিমান আৰু ৪ খন হেলিকপ্টাৰ।



ইয়াৰোপৰি অত্যাধুনিক ৫ খনকৈ জাগুৱেৰ যুদ্ধ বিমানে ঘণ্টাত ৭৮০ কিলোমিটাৰ গতিত উৰে। এই জাগুৱেৰ কেইখনৰ নেতৃত্ব দিয়ে গ্ৰুপ কেপ্টেইন পাৰিজাত সৌৰভে।ইফালে ভাৰতীয় বায়ুসেনাৰ ছুখয়-৩০ এম কে আই যুদ্ধ বিমানৰ দ্বাৰা ‘ত্রিশুল’ আকৃতিৰ যুদ্ধভ্যাস প্ৰদৰ্শন কৰা হয়।এই দলটোৰ নেতৃত্ব দিয়ে গ্ৰুপ কেপ্টেইন নিছিত ওহৰিয়ে। লগতে এই ঘণ্টাত ছুখয়-৩০ এম কে আই যুদ্ধ বিমানখনে ৯০০ কিলোমিটাৰ প্ৰতি ঘণ্টা গতিত উৰে। উল্লেখ্য যে ছুখয়-৩০ এম কে আই যুদ্ধ বিমানৰ প্ৰদৰ্শনেৰে অন্ত পৰে আজিৰ গণৰাজ্য দিৱসৰ বায়ুসেনাৰ পেৰেড। আনহাতে ৰাজপথত প্ৰদৰ্শিত হয় বিধ্বংসী ক্ষেপণাস্ত্ৰ, সেনাৰ টেংক টি-৯০ ভীষ্ম টেংক, কে ৯ বজ্ৰ ।

No comments:

Post a Comment

SPONSORED