ভাৰতে এছিয়া কাপ প্রত্যাহাৰ কৰিলে পাকিস্তানে নেখেলে বিশ্বকাপ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Sunday, January 26, 2020

ভাৰতে এছিয়া কাপ প্রত্যাহাৰ কৰিলে পাকিস্তানে নেখেলে বিশ্বকাপ

ইছলামাবাদ : পাকিস্তানত অনুষ্ঠিত হ’বলগীয়া এছিয়া কাপ টি–২০ৰ পৰা ভাৰতে নাম প্রত্যাহাৰ কৰিলে পাকিস্তানে ২০২১ৰ টি–২০ বিশ্বকাপত অংশ নোলোৱাৰ ভাবুকি দিছে৷ পাকিস্তান ক্রিকেট ব’ডৰ মুখ্য কার্যবাহী বিষয়া ৱাছিম খানে কালি প্রকাশ কৰে যে ভাৰতে পাকিস্তান আহিব নিবিচৰাৰ বাবে তেওঁলোকে টি–২০ এছিয়া কাপ আয়োজনৰ স্বত্ব ত্যাগ নকৰে৷



পাকিস্তানে পূর্বনির্ধাৰিত সূচী অনুসৰি এছিয়া কাপ টি–২০ আয়োজন কৰিব আৰু ভাৰতে প্রতিযোগিতাখন প্রত্যাহাৰ কৰিলে পাকিস্তানে ২০২১ত ভাৰতত অনুষ্ঠিত হ’বলগীয়া টি–২০ বিশ্বকাপৰ পৰা আঁতৰি থাকিব৷

উল্লেখ্য যে বাংলাদেশ ক্রিকেট ব’র্ডে শেহতীয়াকৈ পাকিস্তানত টি–২০ শৃংখলা আৰু দুখন টেষ্ট খেলিবলৈ দল প্রেৰণ কৰিবলৈ সন্মত হোৱাৰ বিনিময়ত পাকিস্তান ক্রিকেট ব’র্ডে বাংলাদেশক এছিয়া কাপ টি–২০ আয়োজনৰ স্বত্ব দিব বুলি বাতৰি প্রকাশ পাইছিল৷ কিন্তু পি চি বিয়ে কালি এছিয়া কাপ টি–২০ পাকিস্তানৰ পৰা স্থানান্তৰ নহয় বুলি ঘোষণা কৰি ভাৰতক চাপত পেলাইছে৷ এই ঘোষণাৰ পিছত বি চি চি আয়ে কি পদক্ষেপ গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷

No comments:

Post a Comment

SPONSORED