কেৰালাৰ প্ৰতিটো মছজিদত উৰিল ৰাষ্ট্ৰীয় পতাকা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

January 27, 2020

কেৰালাৰ প্ৰতিটো মছজিদত উৰিল ৰাষ্ট্ৰীয় পতাকা

কেৰালা :  ভাৰতবৰ্ষৰ ক্ষেত্ৰত এইটো প্ৰথমটি ঘটনা। গণৰাজ্য দিৱসৰ দিনা এখন বিশেষ ৰাজ্যৰ প্ৰতিটো মছজিদত উৰিল ৰাষ্ট্ৰীয় পতাকা। বৰ্তমানলৈকে ভাৰতবৰ্ষৰ কোনো ৰাজ্যৰ মছজিদত নেদেখা এই দৃশ্য দেওবাৰে দেখা গ’ল কেৰালাত। কেৰালাৰ ৱাকফ বৰ্ডৰ তৰফৰ পৰা প্ৰতিটো মছজিদলৈ প্ৰেৰণ কৰা হৈছিল পতাকা উত্তোলনৰ এই বিশেষ জাননী। এই নিৰ্দেশ অনুসৰি ৰাজ্যৰ প্ৰতিটো মছজিদে গণৰাজ্য দিৱসৰ দিনা ঐক্যৰ বাৰ্তা প্ৰেৰণ কৰি প্ৰতিটো মছজিদত উত্তোলন কৰিব লাগিব ত্ৰিৰংগা। ইয়াৰ লগতে পতাকা উত্তোলনৰ পাচতেই সংবিধানৰ প্ৰস্তাৱনা পাঠ কৰিবলৈয়ো দিয়া হয় নিৰ্দেশ। এই নিৰ্দেশ অনুসৰিয়েই প্ৰতিটো মছজিদত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ লগতে পাঠ কৰা হয় সংবিধানৰ প্ৰস্তাৱনা।



‘কা’ৰ বিৰোধিতাৰে কেৰালা চৰকাৰে প্ৰস্তাৱ গ্ৰহণ কৰাৰ পাচতেই দেশৰ সংবিধান ৰক্ষাৰ বাবে দেওবাৰে ৱাকফ বৰ্ডে জাৰি কৰা এই জাননীও যেন আছিল প্ৰতিবাদৰে অন্য ৰূপ। কেৰালা চৰকাৰৰ এই প্ৰস্তাৱৰ পাচতেই পঞ্জাৱ আৰু ৰাজস্থান চৰকাৰেও বিধানসভাত প্ৰস্তাৱ গ্ৰহণৰ বাবে আগবাঢ়িছে। দেওবাৰে মছজিদত পতাকা উত্তোলন সন্দৰ্ভত কেৰালাৰ ৱাকফ বৰ্ডৰ প্ৰধান টি কে হামজাই কয়, খুব কঠিন সময়ৰ মাজেৰে পাৰ হৈছে দেশ। দেশৰ এনে অৱস্থাত আমি নিমাত হৈ থকা উচিত নহয়।

No comments:

Post a Comment

SPONSORED