গণতন্ত্ৰ দিৱস উদযাপন আৰু 'বাঁহ-বেত হস্ত শিল্পৰ বৰ্তমান আৰু ভৱিষ্যত' সম্পৰ্কে আলোচনা চক্ৰৰ আয়োজন - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Monday, January 27, 2020

গণতন্ত্ৰ দিৱস উদযাপন আৰু 'বাঁহ-বেত হস্ত শিল্পৰ বৰ্তমান আৰু ভৱিষ্যত' সম্পৰ্কে আলোচনা চক্ৰৰ আয়োজন

হাউলী : দেশ-বিদেশত অসমৰ বাঁহ-বেতৰদ্বাৰা নিৰ্মিত বহু সমাদ্ৰিত সামগ্ৰী নিৰ্মাণ শিল্প কাৰিকৰ সমিতিৰ দহ দিনীয়া বিস্তৃত কাৰ্যসূচীৰে হাউলীৰ হটাপাৰাত আৰম্ভ হোৱা অধিবেশন আৰু বাণিজ্য মেলাৰ লগত সংগতি ৰাখি কালি পুৱা ৯বজাত গণতন্ত্ৰ দিৱস উপলক্ষে জাতীয় পতাকা উত্তোলন কৰা হয়।



পতাকা উত্তোলন কৰে আদৰণি সমিতিৰ উপ-সভাপতি আনোৱাৰ হুছেইনে। আবেলি তিনি বজাত "বাঁহ-বেত হস্ত শিল্পৰ বৰ্তমান আৰু ভৱিষ্যত"শীৰ্ষক এখন আলোচনা চক্ৰ হাউলী বি.এইচ কলেজৰ সহ অধ্যাপক ৰবীনজ্যোতি খাটনীয়াৰৰ সঞ্চালনাত আধিবেশনস্থলীত অনুষ্ঠিত হয় | উক্ত আলোচনা চক্ৰত ,বৰপেটা জিলা উদ্যোগ বাণিজ্য কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত কাৰ্যকৰী পৰিচালক হৰিশ বানুৱাৰী,বৰপেটা জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ প্ৰধান পৰিচালক উত্তম শইকীয়া আৰু বৰপেটাৰোড বেংক অফ ইণ্ডিয়াৰ শাখা পৰিচালক পল্লৱ বৰকাকতীয়ে আলোচক হিচাপে উপস্থিত থাকি বাঁহ-বেত শিল্প আৰু শিল্পীৰ চৰকাৰী তথা বেংকৰ বিভিন্ন সুযোগ আৰু সুবিধাৰ বিষয়ে বিস্তাৰিত দিহা-পৰামৰ্শ আগবঢ়ায় |



 সন্ধিয়া সৰু লʼৰা-ছোৱালীৰ উদ্দেশ্যে গোৱৰ্দ্ধনা উন্নয়ন খণ্ড আৰু সংহত শিশু উন্নয়ন প্ৰকল্পৰ ছুপাৰভাইজাৰ আৰু জি,আৰ,এছ ক্ৰমে ৰোজিনা পাৰবিন,ৰেজিনা চুলতানা-ৰ পৰিচালনাত অকণিৰ মেল' অনুষ্ঠিত কৰা হয়।সাংস্কৃতিক সন্ধিয়ায়ৰ বিশেষ আকৰ্ষণীয় 'যাত্ৰাগান' অনুষ্ঠিত হয়|

No comments:

Post a Comment

SPONSORED