বিজেপিক জয়ী কৰক, দিল্লীক আমি সম্পূৰ্ণৰূপে নিৰাপত্তা ! - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Monday, January 27, 2020

বিজেপিক জয়ী কৰক, দিল্লীক আমি সম্পূৰ্ণৰূপে নিৰাপত্তা !

দিল্লী : দিল্লী বিধানসভা নিৰ্বাচনৰ প্ৰচাৰত অংশ লৈ আম আদমী পাৰ্টী আৰু ছাজীন বাগৰ ‘কা’ বিৰোধী প্ৰতিবাদক তীব্ৰ সমালোচনা কৰে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী অমিত শ্বাহে। অমিত শ্বাহে কয় যে, বিজেপিক ভোট দিয়ক নহ’লে দেশত ছাজীন বাগৰ দৰে ঘটনা ঘটি থাকিব। দেওবাৰে ৰাজধানী চহৰৰ বদৰপুৰত এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে অমিত শ্বাহে। এই প্ৰচাৰ সভাত অমিত শ্বাহে কয় ৮ ফেব্ৰুৱাৰীৰ দিনী যদি আপোনালোকে বিজেপিক ভোটদান কৰে তেন্তে সেই ভোট হ’ব দেশৰ নিৰাপত্তাৰ পক্ষে।



 দিল্লীক আমি সম্পূৰ্ণৰূপে নিৰাপত্তা দিয়াৰ লগতে পুনৰবাৰ দেশত ছাহীন বাগৰ দৰে ঘটনা সংঘটিত হ’বলৈ কেতিয়াও দিয়া নহ’ব বুলি উল্লেখ কৰে অমিত শ্বাহে। দেওবাৰৰ এই নিৰ্বাচনী সভাতে অমিত কাশ্মীৰৰ প্ৰসংগ উত্থাপন কৰি ৰাহুল গান্ধী, ছোনিয়া গান্ধী, মমতা বেনাৰ্জী আৰু মায়াৱতীক আক্ৰমণৰ লক্ষ্য কি লয়। জেএনইউৰ দেশবিৰোধী শ্ল’গানৰ সময়ত সেই সময়ৰ চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে বুলিও কয় অমিত শ্বাহে।

No comments:

Post a Comment

SPONSORED