এটা ৰূপ, দুটা ব্রঞ্জৰ পদক লাভ উপাশা তালুকদাৰৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

January 13, 2020

এটা ৰূপ, দুটা ব্রঞ্জৰ পদক লাভ উপাশা তালুকদাৰৰ

গুৱাহাটী : অসমৰ ক্রীড়া ক্ষেত্রত ৰিডমিক জিমনাষ্টিকছৰ এখন নতুন দুৱাৰ মুকলি কৰি ১৩ বছৰীয়া উপাশা তালুকদাৰে মহানগৰীত চলি থকা খেল’ ইণ্ডিয়া য়ুথ গেমছত এই পর্যন্ত এটা ৰূপ আৰু দুটা ব্রঞ্জৰ পদক লাভ কৰিছে৷ সর্বভাৰতীয় পর্যায়ত এই বিধ খেলত উপাশাই অসমৰ বাটকটীয়া খেলুৱৈত পৰিণত হৈছে৷ মহানগৰীৰ মহর্ষী বিদ্যা মন্দিৰৰ সপ্তম শ্রেণীৰ ছাত্রীয়ে ইণ্টাৰনেট মাধ্যমত ভিডিঅ’ চাই জিমনাষ্টিকছৰ অনুশীলন আৰম্ভ কৰিছিল৷ দেউতাক নিকুঞ্জ তালুকদাৰ এখন সৰু ফার্মাচীৰ স্বত্বাধিকাৰী৷


চলিত ক্রীড়াত এই পর্যন্ত উপাশাই অসমৰ হৈ পদক লাভ কৰিছে৷ ইফালে ভোগেশ্বৰী ফুকননী ইনড’ৰ ষ্টেডিয়ামত হোৱা জিমনাষ্টিকছ ইভেণ্টত আলোড়ন তুলিছে ত্রিপুৰাৰ প্রিয়ংকা দাশগুপ্তই, ১৭ বছৰৰ অনূধর্ব শাখাত তেওঁ এই পর্যন্ত সর্বাধিক চাৰিটাকৈ সোণৰ পদক লাভ কৰিছে৷ ইফালে সৰুসজাইৰ মূল ষ্টেডিয়ামত আজি আৰম্ভ হোৱা এথলেটিকছত চাৰিটাকৈ মীট ৰেকর্ড ভঙা-পতা হৈছে৷ ১৭ বছৰৰ অনূধর্বৰ ল’ৰাৰ ৩০০০ মিটাৰ দৌৰত মধ্য প্রদেশৰ অর্জুন ৱাছকালে আৰু জেভলিন থ্র’ত বিবেক কুমাৰে সোণৰ পদক লাভ কৰিছে৷

ইফালে ২১ বছৰৰ অনূধর্বৰ ল’ৰাৰ ৫০০০ মিটাৰ দৌৰৰ ফলাফল ফটো-ফিনিছ কেমেৰাৰ পর্যবেক্ষণৰ পাছতহে নির্ণীত হয়৷ এই ইভেণ্টত ১৪ ঃ ৩৯ ঃ ৯৯ মিনিট ছেকেণ্ডেৰে বিজয়ী ঘোষিত হয় যোৱাবাৰৰ বিজয়ী অজিৎ কুমাৰ৷ তেওঁতকৈ এক ছেকেণ্ডৰ এজেহাৰ ভাগৰ এভাগ পিছ পৰি সুনীল ডাৱাৰে ৰূপৰ পদক লাভ কৰে৷ পদক তালিকাত উত্তৰাখণ্ডৰ নাম অন্তর্ভুক্তিৰে ২১ বছৰৰ অনূধর্বৰ ছোৱালীৰ ৫০০০ মিটাৰ দৌৰত নতুন মীট ৰেকর্ডসহ সোণৰ পদক লাভ কৰে অংকিতাই৷ তেওঁ সময় লৈছিল ১৬ ঃ ৩৮ ঃ ৭৫ মিনিট৷

No comments:

Post a Comment

SPONSORED