তৃতীয় খেল’ ইণ্ডিয়া য়ুথ গেমছ : জুডোত পূজাৰ সোণ, ধৰিত্রীৰ ৰূপ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

January 13, 2020

তৃতীয় খেল’ ইণ্ডিয়া য়ুথ গেমছ : জুডোত পূজাৰ সোণ, ধৰিত্রীৰ ৰূপ

গুৱাহাটী : অসমে চলিত তৃতীয় খেল’ ইণ্ডিয়া য়ুথ গেমছত প্রথমটো স্বর্ণ পদক লাভ কৰিছে৷ জুডো প্রতিযোগিতাত ঘৰুৱা অসমে আজি এটাকৈ সোণ আৰু ৰূপৰ পদক জয় কৰে৷ পূজা বসুমতাৰীয়ে অনূধর্ব-১৭ বছৰৰ ৫৭ কেজি ওজন শাখাত উত্তৰাখণ্ডৰ স্নেহা চৌহানক ১-০ পইণ্টত হৰুৱাই সোণ জয়ী কৃতিত্ব আর্জে৷ লাংহিনৰ জীয়ৰী পূজাই ইয়াৰ আগেয়ে মণিপুৰত হোৱা ৰাষ্ট্রীয় কেডেটত সোণ, উত্তৰ প্রদেশত অনুষ্ঠিত জুনিয়ৰ ৰাষ্ট্রীয় প্রতিযোগিতাত ৰূপ, দিল্লীত হোৱা ৰেংকিং টুর্নামেণ্টত পাইছিল ৰূপৰ পদক৷


ইফালে, ডিব্রুগড়ৰ জকাই কালিয়নীৰ ধীৰেন সোণোৱাল আৰু প্রণতি সোণোৱালৰ কন্যা ধৰিত্রী সোণোৱালে ৬৩ কেজি শাখাত ৰূপৰ পদক জয় কৰে৷ জকাই হাইস্কুলৰ দশম শ্রেণীৰ ছাত্রী ধৰিত্রীয়ে দিল্লীৰ নন্দিনী বৎসৰ হাতত ফাইনেলত পৰাজয়েৰে ৰূপৰ পদকত সন্তুষ্ট থাকে৷ লুইত দাসৰ জৰিয়তে জুডোলৈ অহা ধৰিত্রীয়ে সঞ্জীৱ বৰদলৈৰ পৰা খেলবিধৰ আদিপাঠ শিকিছিল৷ পাছলৈ জুডোৰ প্রশিক্ষক ছাইৰ আৰ শৰৎ বাবু আৰু ক্রীড়া সঞ্চালকালয়ৰ বাণীব্রত দাসৰ তত্ত্বাৱধানত প্রশিক্ষণ গ্রহণ কৰিছিল৷

No comments:

Post a Comment

SPONSORED