গুৱাহাটী : নাগৰিকত্ব সংশােধনী বিধেয়ক আইনত পৰিণত কৰাৰ প্রাক্কালত যােৱা ৩০ নৱেম্বৰত অসম সাহিত্য সভাৰ সভাপতি ড° পৰমানন্দ ৰাজবংশী, প্রাক্তন সভাপতি ড° ধ্ৰুৱজ্যোতি বৰা আৰু প্রধান সম্পাদক হিচাপে আমাক গৃহমন্ত্রী অমিত শ্বাহে দিল্লীলৈ মাতি নি আলােচনা কৰাৰ পাছত সভাৰ পৰামর্শক তিলমাত্রও গুৰুত্ব নিদিলে।
সভাৰ প্রতিনিধি দলটোক নিমন্ত্রণ কৰাৰ সময়ত নাগৰিকত্ব সংশােধনী বিধেয়ক কোনাে কাৰণতে সভাই মানি নলয় বুলি স্পষ্ট সিদ্ধান্ত অৱগত কৰাৰ পাছত এই সিদ্ধান্ত বাতিলৰ বাবেহে যেন গৃহ মন্ত্রীয়ে প্রচেষ্টা চলাইছিল। গৃহমন্ত্ৰীৰ ওচৰত সেইদিনা আমি স্পষ্ট কৰি কৈছিলোঁ— ‘কেব’ আমি কোনাে কাৰণতে মানি ল'ব নােৱাৰোঁ। পৰৱৰ্তী সময়ত গৃহমন্ত্ৰীয়ে লােকসভা আৰু ৰাজ্যসভাৰ যােগেদি ‘কেব’ক ‘কা’ লৈ ৰূপান্তৰিত কৰিলে যদিও সেই সময়ত সাহিত্য সভাকে ধৰি অসম তথা উত্তৰ-পূব ভাৰতৰ কোনাে লােকৰ অনুনয়-বিনয়ক তিলমাত্রও গুৰুত্ব নিদিলে। পশ্চিম কাৰ্বি আংলঙৰ ডালিমবাৰী মণিৰাম ইংলেং সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত পশ্চিম কাৰ্বি আংলং জিলা সাহিত্য সভাৰ প্রথম বার্ষিক দ্বি-বার্ষিক অধিৱেশনত অংশগ্রহণ কৰি অসম সাহিত্য সভাৰ প্রধান সম্পাদক পদুম ৰাজখােৱাই এইদৰে কয়।
ভাষণ প্রসংগত ৰাজখােৱাই কয়— ‘‘অসমীয়াকে ধৰি অন্য সকলাে খিলঞ্জীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ সংকটৰ মহাদুর্যোগৰ সময়ত আমি পাহাৰ-ভৈয়াম, বৰাক-ব্ৰহ্মপুত্ৰ সকলাে ঐক্যৱদ্ধ হােৱাৰ সময় হৈছে। আশা কৰিছোঁ জাতিৰ এই সংকটৰ সময়ত সবল শক্তিশালী জাতি হিচাপে অসমীয়া পূর্বৰ সন্মান অক্ষুন্ন ৰাখিবলৈ আমি সকলাে সংকল্পৱদ্ধ হ'ম।’’
এই অনুষ্ঠানত কাৰ্বি আংলং জিলা সাহিত্য সভাৰ নৱ-নির্বাচিত সভাপতি ৰাণা কাফলে, সদ্য বিদায়ী সভাপতি নিত্যানন্দ গােস্বামী, অসম সাহিত্য সভাৰ নগাঁও আঞ্চলিক কার্যালয়ৰ সম্পাদক যতীন্দ্র নাথ সূতকে ধৰি বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে। অধিৱেশনৰ এই কাৰ্যসূচীতে অসম সাহিত্য সভাৰ বহুসংখ্যক ব্যক্তিক আজীৱন সভ্যৰ প্রমাণ পত্ৰ বিতৰণ কৰা হয়। এই অনুষ্ঠানত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, সাংসদ তুলিৰাম ৰংহাং আৰু ভালে কেইগৰাকী নেতা উপস্থিত থাকে।
No comments:
Post a Comment