‘দৈনিক অগ্রদূত’ক আন্তঃৰাষ্ট্ৰীয় যােগ দিৱস মিডিয়া সন্মান প্রদান - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Thursday, January 09, 2020

‘দৈনিক অগ্রদূত’ক আন্তঃৰাষ্ট্ৰীয় যােগ দিৱস মিডিয়া সন্মান প্রদান

নতুন দিল্লী, : কেন্দ্রীয় তথ্য আৰু সম্প্রচাৰ মন্ত্রণালয়ে প্রৱৰ্তন কৰা প্রথম আন্তঃৰাষ্ট্ৰীয় যােগ দিৱস মিডিয়া সন্মান লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে ‘দৈনিক অগ্রদূত’ কাকতে। ৭ জানুৱাৰীত নতুন দিল্লীৰ নেচনেল মিডিয়া চেণ্টাৰত আয়ােজিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত কেন্দ্রীয় তথ্য আৰু সম্প্রচাৰ মন্ত্রী প্রকাশ জাৱৰেকাৰ আৰু আয়ুষ মন্ত্রী শ্রীপদ য়েশাে নাইকে ‘দৈনিক অগ্রদূত’ৰ সম্পাদক প্রাঞ্জলসেন ডেকাক এই বঁটা প্ৰদান কৰে।


যােগৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত দৈনিক অগ্রদূত’-এ আগবঢ়োৱা গুৰুত্বপূর্ণ ভূমিকাৰ বাবে মন্ত্রী জাৱৰেকাৰে সম্পাদক ডেকাক অভিনন্দন জনায়। উল্লেখ্য যে আন্তঃৰাষ্ট্ৰীয় যােগ দিৱসৰ স’তে সংগতি ৰাখি আয়ােজন কৰা এই প্রতিযােগিতাৰ বিজয়ীসকলক নির্বাচনৰ বাবে ভাৰতীয় প্ৰেছ কাউন্সিলৰ অধ্যক্ষ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ চি কে প্ৰসাদৰ অধ্যক্ষতাত এখন ছজনীয়া কমিটী গঠন কৰি দিয়া হৈছিল। কমিটীয়ে একাধিকবাৰ বৈঠক অনুষ্ঠিত কৰি সমগ্ৰ দেশৰ ১১খন দৈনিক কাকতক সম্মান প্রদানৰ বাবে নির্বাচিত কৰে।

অনুষ্ঠানত ভাষণ দি মন্ত্রী জাৱৰেকাৰে কয় যে সমাজৰ হিতৰ বাবে যােগৰ প্ৰসাৰত অৱদান আগবঢ়োৱা সংবাদ প্রতিষ্ঠানসমূহলৈ এয়া এক অনন্য সন্মান। সংবাদ মাধ্যমৰ পৰম্পৰাগত ধাৰণা অনুসৰি বাতৰি, অভিমত তথা বিজ্ঞাপন প্রকাশ আৰু প্ৰচাৰৰ বাহিৰলৈ গৈ সমাজৰ বৃহত্তৰ স্বাৰ্থৰ বাবে মিছন হিচাপে কাম কৰা সংবাদ প্রতিষ্ঠানৰ প্রতি শলাগ জ্ঞাপনৰ উদ্দেশ্যে এই বঁটা প্ৰৱৰ্তন কৰা হৈছে। লােকমান্য বালগংগাধৰ তিলকে ‘স্বৰাজ্যৰ প্ৰতি দেশবাসীৰ সজাগতা সৃষ্টিৰ উদ্দেশ্যে ‘কেশৰী’ নামৰ বাতৰি কাকত প্ৰকাশ কৰিছিল বুলি উল্লেখ কৰি মন্ত্রী জাৱৰেকাৰে ভাষণত কয়, ‘আজিৰ ভাৰতৰ সংবাদ প্রতিষ্ঠানসমূহে জনমানসত ‘সুৰাজ’ যত উন্নত স্বাস্থ্যসেৱা, শিক্ষা তথা অন্যান্য ৰাজহুৱা সা-সুবিধাসমূহ প্রতিজন নাগৰিকৰ বাবে সুলভ হৈ উঠে তাৰ বাবে জনজাগৰণ সৃষ্টিৰ প্রচেষ্টা চলাই আহিছে। এয়া পৈণত ভাৰতীয় গণতন্ত্রৰ লক্ষণ। , কেন্দ্রীয় মন্ত্রীজনে যােগ ৰােগ প্ৰতিৰােধৰ আটাইতকৈ গুৰুত্বপূর্ণ মাধ্যমৰূপে অভিহিত কৰি কয়, ‘যােগ, যাক আমি এক ভাৰতীয় ব্ৰেণ্ড বুলি কও—ই বিশ্বজুৰি সন্মান অর্জন কৰিবলৈ সক্ষম হৈছে প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীৰ দূৰদৃষ্টি আৰু প্ৰচেষ্টাৰ বাবে। প্রধানমন্ত্রী মােদীয়ে আন্তর্জাতিক যােগ দিৱস প্রৱর্তনৰ বাবে ৰাষ্ট্ৰসংঘক দিয়া প্রস্তাৱে কিদৰে অভূতপূর্ব সঁহাৰি লাভ কৰিছিল তাৰাে উল্লেখ কৰে জাৱৰেকাৰে। তেওঁ লগতে এই বঁটা বিজেতা আৰু জুৰীৰ সদস্যসকলক অভিনন্দন তথা ধন্যবাদ জ্ঞাপন কৰে।

অনুষ্ঠানত ভাষণ দি কেন্দ্রীয় আয়ুষ মন্ত্রী নাইকে যােগ দিৱস মিডিয়া সন্মান প্ৰৱৰ্তন কৰা বাবে বিভাগীয় মন্ত্রী জাৱৰেকাৰৰ শলাগ লয়। তেওঁ লগতে মানৱ সভ্যতালৈ ভাৰতীয় ঐতিহ্য যােগ এক গুৰুত্বপূৰ্ণ অৱদান বুলি উল্লেখ কৰি ইয়াৰ জৰিয়তে মানসিক আৰু শাৰীৰিক সুস্বাস্থ্য লাভ কৰাটো সম্ভৱ বুলি মন্তব্য কৰে।। সভাত উপস্থিত থকা জুৰী বৰ্ডৰ অধ্যক্ষ তথা প্ৰেছ কাউন্সিলৰ অধ্যক্ষ প্রসাদে এই সন্মানৰ বিজয়ী সংবাদ প্রতিষ্ঠানসমূহ নির্বাচন প্রক্রিয়াৰ বিষয়ে উল্লেখ কৰে। অনুষ্ঠানত তথ্য আৰু সম্প্রচাৰ মন্ত্রণালয়ৰ সচিব ৰবি মিট্টাল, অতিৰিক্ত সচিব অতুল তিৱাৰী প্ৰমুখ্যে একাধিক মন্ত্রণালয়ৰ শীর্ষ বিষয়াবর্গ উপস্থিত আছিল। “দৈনিক অগ্রদূত’ৰ উপৰি এই সম্মান লাভ কৰা আন কাকতকেইখন হৈছে – মুম্বাইৰ ‘মিড ডে’, বাংগালুৰুৰ উদয়বাণী’, গােৱাৰ ‘ডেইলি নৱপ্রভা’, ভুৱনেশ্বৰৰ ‘ওড়িছা এক্সপ্ৰেছ’, অন্ধ্রপ্রদেশৰ বার্তা পত্রিকা, নয়দাৰ ৰােজনামা ৰাষ্ট্ৰীয় চাহাৰা, ইন্দোৰৰ নয়ী দুনীয়া’,ৰাচীৰ প্ৰভাত খবৰ আৰু ‘দেশপ্রাণ’, জম্মুৰ ডেইলি নৱাই ডুগ্নৰ।

No comments:

Post a Comment

SPONSORED