কলকাতা: কেৰালা, পঞ্জাৱ, ৰাজস্থানৰ পাচত এইবাৰ পশ্চিমবংগ। সোমবাৰে পশ্চিমবংগ বিধানসভাত গ্ৰহণ কৰা হয় নাগৰিকত্ব সংশোধনী আইনবিৰোধী প্ৰস্তাৱ। সোমবাৰে দুপৰীয়া বিধানসভাত অনুষ্ঠিত আলোচনাৰ অন্তত গ্ৰহণ কৰা হয় এই প্ৰস্তাৱ।
বিধানসভাত তৃণমূল কংগ্ৰেছৰ মহাসচিব পাৰ্থ চট্টোপাধ্যায়ে উত্থাপন কৰে এই বিশেষ প্ৰস্তাৱ। বিধানসভাৰ অধ্যক্ষই জনায় যে, সংশ্লিষ্ট আইনৰ বাবে দেশত বৰ্তমান অস্থিৰতাই বিৰাজ কৰিছে। বিধানসভাই ইয়াৰ পূৰ্বেও এনআৰচিক লৈ উত্থাপন কৰিছিল এক প্ৰস্তাৱ। ভাৰতীয় নাগৰিক সকলৰ সমস্যা তৈয়াৰ কৰাৰ অভিযোগ কা আৰু এনপিআৰ প্ৰত্যাহাৰৰ দাবী তুলিলে পশ্চিমবংগৰ ৰাজ্যচৰকাৰে।
No comments:
Post a Comment