গণৰাজ্য দিৱস : নেপালক উপহাৰ ৩০ এম্বুলেন্স আৰু ৬ খন বাছ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Sunday, January 26, 2020

গণৰাজ্য দিৱস : নেপালক উপহাৰ ৩০ এম্বুলেন্স আৰু ৬ খন বাছ

গুৱাহাটী :  সমগ্ৰ দেশতে আজি পালন কৰা হৈছে ৭১ সংখ্যক গণৰাজ্য দিৱস। এই বিশেষ দিনটোত ভাৰতে নেপাললৈ আগবঢ়াইছে এক গুৰুত্বপূৰ্ণ উপহাৰ। দেওবাৰে ভাৰতে দেশৰ ৭১ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে নেপালৰ বিভিন্ন হাস্পতাল, স্বেচ্ছাসেৱী সংস্থা আৰু শিক্ষাপ্রতিষ্ঠানক ৩০ খন এম্বুলেন্স আৰু ছখন বাছ উপহাৰ দিয়ে। 



আজি নেপালত কাঠমাণ্ডুস্থিত ভাৰতীয় দূতাবাসত ভাৰতৰ গণৰাজ্য দিৱস পালন কৰা হয়। এই অনুষ্ঠানতে চার্জ ডি এফায়াৰ অজয় ​​কুমাৰে ভাৰতীয় জাতীয় পতাকা উত্তোলন কৰি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে প্ৰৰণ কৰা এই বাৰ্তাটো পাঠ কৰে।
উল্লেখ্য যে চুবুৰীয়া দেশখনৰ সৈতে আর্থ-সামাজিক উন্নয়নৰ যাত্রাত সহযোগ কৰি ভাৰতে এই এম্বুলেন্স আৰু বাছকেইখন আজি উপহাৰ দিছে বুলি বাৰ্তাটোত প্ৰকাশ পাইছে। ইপিনে গণৰাজ্য দিৱসৰ এই অনুষ্ঠানত নেপাল সেনাৰ বেণ্ডে এক সুন্দৰ অনুষ্ঠান পৰিবেশন কৰে। য’ত এই অনুষ্ঠানত মুখ্য অতিথি ৰূপে দেশখনৰ উপৰাষ্ট্ৰপতি নন্দ বাহাদুৰ পুনে থকাৰ লগতে প্ৰায় ১৫০০ লোক উপস্থিত থাকে।

No comments:

Post a Comment

SPONSORED