বৰপেটাত ভোটাৰ তালিকাৰ বিসংগতি শীঘ্ৰে আতৰোৰ নিৰ্দেশ উপায়ুক্তৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Sunday, January 26, 2020

বৰপেটাত ভোটাৰ তালিকাৰ বিসংগতি শীঘ্ৰে আতৰোৰ নিৰ্দেশ উপায়ুক্তৰ

বৰপেটা : দেশৰ অন্যান্য অংশৰ লগতে বৰপেটা জিলাতো আজি ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হয়। এই উপলক্ষে জিলা পৰিষদৰ সভাকক্ষত অনুষ্ঠিত হোৱা এখন সজাগতা সভা উদ্ধোধন কৰি দিয়া ভাষণত জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই ভোটদানৰ উচ্চ হাৰ আৰু মানদণ্ড্ই গণতন্ত্ৰৰ সফলতা নিশ্চিত কৰে বুলি মন্তব্য কৰে। তেওঁ কয় যে অসমৰ ৰাইজ ভোটদানৰ প্ৰতি যথেষ্ট আগ্ৰহী হৈ উঠিছে। সেয়া অতি ভাল লক্ষণ। কিন্তু কেবল ভোট দিলেই নহ'ব, যিকোনো প্ৰভাৱৰ পৰা মুক্ত হৈ দেশ আৰু দহৰ স্বাৰ্থত বিবেক ভোট প্ৰদান কৰাটোহে গুৰুত্বপূৰ্ণ কথা। ভোটাৰ সকল সজাগ হ'লেই নিৰ্বাচনী আসোৱাহবোৰ আতৰি যাব বুলিও উপায়ুক্তগৰাকীয়ে মত প্ৰকাশ কৰে। 



সভাত নিৰ্বাচন বিষয়াৰ দায়িত্বত থকা মিৰ্ণাভা আব্ৰাম দেবী আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাও উপস্থিত থাকি ৰাইজৰ নিৰ্বাচন সংক্ৰান্তীয় বিভিন্ন ওজৰ আপত্তি আৰু পৰামৰ্শ গ্ৰহণ কৰে। সদ্য প্ৰকাশিত ভোটাৰ তালিকাত দেখা দিয়া বিসংগতি সমূহ আতৰ কৰাৰ বাবে উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই অচিৰেই ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে ভাৰপ্ৰাপ্ত নিৰ্বাচন বিষয়াক নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে দেশৰ ভোটাৰ সকলৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে নিৰ্বাচন আয়োগৰ নিৰ্দেশ ক্ৰমে প্ৰতি বছৰে এই দিনটোত ভোটাৰ দিৱস হিচাপে উদযাপন কৰা হয়। অনুষ্ঠানত উপায়ুক্ত গৰাকীয়ে সমবেত সকলোকে দেশৰ গণতান্ত্ৰিক পৰম্পৰাৰ মৰ্যদা অক্ষুণ্ণ ৰাখি নিৰ্ভীকভাবে ধৰ্ম, বৰ্ণ, সম্প্ৰদায়ৰ বিবেচনাৰ আধাৰত অথবা ভয় বা প্ৰলোভনৰ দ্বাৰা প্ৰভাবিত নহৈ ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে শপত গ্ৰহণ কৰায়।

No comments:

Post a Comment

SPONSORED