চৰকাৰে ধার্য কৰা নিদিষ্টা সময়সীমা শেষ হ’ল যদিও এতিয়াও মুকলি কৰা নাই গুৱাহাটীৰ পেছেঞ্জাৰ ৰ’প ৱে’৷ গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত যাতায়াত ব্যৱস্থাৰ উন্নীতকৰণৰ বাবে ব্রহ্মপুত্রৰ পাৰত নির্মাণ আৰম্ভ কৰা ৰ’প ৱে’ৰ সেৱা ২০১৯ বর্ষতেই মুকলি কৰাৰ কথা আছিল৷ ২০১৯ বর্ষতে সম্পূর্ণ কৰি যাতায়াত আৰম্ভ কৰা হ’ব বুলি চৰকাৰে কৰা ঘোষণা এতিয়া কার্যতঃ অসাৰ হ’ল৷
উল্লেখযোগ্য যে কংগ্রেছ চৰকাৰৰ দিনতেই ২০০৯ চনত তেতিয়াৰ মুখ্যমন্ত্রী তৰুণ গগৈ আৰু গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ দিনত এই ৰ’প ৱে’ৰ আধাৰশিলা স্থাপন কৰা হৈছিল৷ কিন্তু কাম আৰম্ভ কৰিয়েই সামৰিলে দায়িত্ব৷ এই পেছেঞ্জাৰ ৰ’প ৱে’ৰ বাবে ৫৬.০৮ কোটি টকাৰ আবণ্টন দিয়া হৈছিল৷ ৰ’প ৱে’ৰ কামৰ দায়িত্ব লাভ কৰিছিল সমীৰ দামোদৰ প্রাইভেট লিমিটেডে৷ আনহাতে ইয়াৰ আন কেতবোৰ কামৰ ঠিকা লাভ কৰিছিল গৌৰৱন্ত এ জি ছুইজাৰলেণ্ডে৷
মুঠ ১৮২০ মিটাৰ দৈর্ঘযৰ এই পেছেঞ্জাৰ ৰ’প ৱে’ৰ এটা টার্মিনেল পাণবজাৰত আৰু এটা উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰত নির্মাণৰ ব্যৱস্থা কৰা হৈছিল৷ পেছেঞ্জাৰ ৰ’প ৱে’ৰ জৰিয়তে ৭ মিনিটতে যাত্রা সম্পূর্ণ হ’লহেঁতেন৷ প্রতি ঘণ্টাত ২৫০গৰাকী যাত্রী কঢ়িয়াই নিয়াৰ ক্ষমতাৰে নির্মাণ কৰিবলৈ ওলোৱা পেছেঞ্জাৰ ৰ’প ৱে’ৰ কেবিনত এবাৰত চালকসহ ৩১গৰাকী যাত্রী কঢ়িয়াই নিব পৰা সুবিধা আছে৷
প্রণিধানযোগ্যভাৱে বিজেপি মিত্রজোঁটৰ চৰকাৰ শাসনলৈ অহাৰ পাছতেই পুনৰ ৰ’প ৱে’ৰ কাম সম্পূর্ণ কৰাৰ ক্ষেত্রত ড০ হিমন্ত বিশ্ব শর্মাই অধিক গুৰুত্ব দিয়া পৰিলক্ষিত হৈছিল৷ ২০১৮ বর্ষৰ জুলাই মাহতেই ৰ’প ৱে’ৰ কাম সম্পূর্ণ হ’ব বুলি ঘোষণা কৰিছিল যদিও ২০১৯ বর্ষতো সম্পূর্ণ কৰিব নোৱাৰিলে৷ কিন্তু ইতিমধ্যে প্রায় সম্পূর্ণ হৈ উঠিছে ৰ’প ৱে’ৰ নির্মাণৰ কাম৷ সেয়ে চলিত বর্ষতে মুকলি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে৷
No comments:
Post a Comment