এ চি এছ, এ পি এছ বিষয়াৰ চাকৰি বাহালৰ ৰায়দান সংৰক্ষিত - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Thursday, January 23, 2020

এ চি এছ, এ পি এছ বিষয়াৰ চাকৰি বাহালৰ ৰায়দান সংৰক্ষিত

গুৱাহাটী :  বক্র পথেৰে চাকৰি লৈ পাছত বর্খাস্ত হোৱা ৰাজ্যৰ একাংশ নামকটা এ চি এছ, এ পি এছ বিষয়াই গুৱাহাটী উচচ ন্যায়ালয়ৰ দ্বাৰস্থ হৈ চৰকাৰৰ সিদ্ধান্তক প্রত্যাহ্বান জনাইছিল৷ পুনৰ চাকৰি ঘূৰাই বিচাৰি উচচ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱা ৫৩গৰাকী বর্খাস্ত প্রশাসনীয় বিষয়াৰ আৱেদনৰ ভিত্তিত ন্যায়ালয়ে দীর্ঘদিনৰ শুনানি প্রক্রিয়া আজি সম্পন্ন কৰে যদিও ৰায়দান নকৰিলে৷ আজি ৰায়দান সংৰক্ষিত ৰাখি গুৱাহাটী উচচ ন্যায়ালয়ে পৰৱর্তী সময়ত এই সন্দর্ভত ৰায় দিব বুলি জানিব পৰা গৈছে৷



ইফালে চৰম বিসংগতিৰে পৰীক্ষাৰ ফল ঘোষণা কৰা অসম লোকসেৱা আয়োগৰ প্রশাসনিক সেৱাৰ পৰীক্ষা পুনৰ অনুষ্ঠিত হোৱাৰ সম্ভাৱনাই দেখা দিছে৷ অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰা ২০১৮ চনৰ প্রশাসনিক সেৱাৰ প্রৱেশ পৰীক্ষাৰ ফল দুবাৰ ঘোষণা কৰাক লৈ তীব্র বিতর্কৰ সূচনা হৈছিল৷ প্রৱেশ পৰীক্ষা উত্তীর্ণ একাংশ প্রার্থীৰ গোচৰৰ শুনানি গ্রহণ কৰি থকা গুৱাহাটী উচচ ন্যায়ালয়ে ৪ ফেব্রুৱাৰীত চূড়ান্ত ৰায় দিব বুলি জানিব পৰা গৈছে৷ আজি অনুষ্ঠিত উক্ত গোচৰৰ শুনানিত উচচ ন্যায়ালয়ে ইতিমধ্যে সম্পন্ন হোৱা মূল পৰীক্ষা পুনৰ অনুষ্ঠিত কৰাৰ ওপৰত জোৰ দিয়ে৷

উল্লেখযোগ্য যে প্রশাসনিক সেৱাৰ প্রৱেশ পৰীক্ষাৰ ফল ঘোষণাৰ পাছত ২০১৯ৰ আগষ্টত মূল পৰীক্ষা অনুষ্ঠিত হৈছিল৷ কিন্তু প্রৱেশ পৰীক্ষাত উত্তীর্ণৰ দুখন পৃথক তালিকা প্রকাশ কৰি লোকসেৱা আয়োগে বিতর্কৰ সূচনা কৰিছিল৷ দুবাৰকৈ ফল ঘোষণা কৰা আয়োগৰ এই সিদ্ধান্তৰ বিৰুদ্ধে একাংশ উত্তীর্ণ পৰীক্ষার্থীয়ে উচচ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল৷

No comments:

Post a Comment

SPONSORED