শিক্ষক-কর্মচাৰীৰ দৰমহা কর্তনৰ হুংকাৰ শিক্ষা মন্ত্রীৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

January 23, 2020

শিক্ষক-কর্মচাৰীৰ দৰমহা কর্তনৰ হুংকাৰ শিক্ষা মন্ত্রীৰ

গুৱাহাটী :  নাগৰিকত্ব (সংশোধনী) আইন, চমুকৈ কা-বিৰোধী আন্দোলনত নমা শিক্ষক-কর্মচাৰীক আজি পুনৰবাৰ সতর্ক কৰি দিলে শিক্ষা তথা বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ আজি শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত ৰাজ্যৰ মহাবিদ্যালয়ৰ অধ্যক্ষসকলৰ সৈতে অনুষ্ঠিত বৈঠকৰ পাছতে কা-বিৰোধী আন্দোলনত নমা শিক্ষক-কর্মচাৰীৰ দৰমহা কর্তনৰ হুংকাৰ দিলে মন্ত্রী ড০ শর্মাই৷ অধ্যক্ষসকলৰ সৈতে ছাত্রাৱাসত থকা শিক্ষার্থীসকলক প্রতিমাহে বেংক একাউণ্টত জলপানি প্রদানৰ কাৰিকৰী দিশৰ বিষয়ে আলোচনা কৰাৰ পাছত সাংবাদিকৰ আগত কয় যে কোনো শিক্ষক-কর্মচাৰী, চিকিৎসকে কর্মদিনত কোনো আন্দোলনত অংশগ্রহণ কৰিব নোৱাৰিব৷



আন্দোলনত অংশগ্রহণ কৰিলে দৰমহা কর্তন হ’ব বুলিও তেওঁ কয়৷ মন্ত্রী ড০ শর্মাই আৰু কয় যে চৰকাৰী কর্মদিনত কোনো শিক্ষক-কর্মচাৰীয়ে খেলো চাব নোৱাৰিব৷ আনকি মন্ত্রী ড০ শর্মাক লগ কৰিবলৈ বা তেওঁৰ ভাষণ শুনিবলৈ সভাত উপস্থিত থাকিব নোৱাৰিব বুলিও সতর্ক কৰি দিয়ে৷ শ্রেণীকোঠা এৰি আন্দোলন কৰিব নোৱাৰিব৷ যদি আন্দোলন কৰে তেন্তে দেওবাৰে বা বন্ধৰ দিনত আন্দোলন কৰক বুলি উল্লেখ কৰে মন্ত্রী ড০ শর্মাই৷ তেওঁ আৰু কয় যে ‘কা’ৰ সপক্ষে বা বিপক্ষে লিখা-মেলা কৰক৷

কিন্তু শ্রেণীকোঠা এৰিব নোৱাৰিব৷ এই বিষয়ে বিশ্ববিদ্যালয়ৰ শিক্ষকসকলক নিয়ন্ত্রণলৈ আনিবলৈ বিশ্ববিদ্যালয় কার্যবাহী পৰিষদৰ লগতো কথা পাতিব বুলি উল্লেখ কৰে মন্ত্রী ড০ শর্মাই৷ তেওঁ আৰু কয় যে কা সম্পর্কত এখনো আলোচনা-চক্র, বিতর্ক বা আকস্মিক বক্তৃতা হোৱা নাই৷ কোনো এটা বিষয় স্পষ্টকৈ নজনাকৈ কিবা এটা কৈ দিলে জাতিটোৰ বৌদ্ধিকভাৱে ক্ষতি হয় বুলিও তেওঁ কয়৷ ইফালে কা-বিৰোধী আন্দোলনত ছাত্র সমাজ জড়িত হৈ পৰাৰ সময়তে অহা ১০ ফেব্রুৱাৰীৰ পূর্বে ছাত্রাৱাসত থকা শিক্ষার্থীসকলক প্রতিমাহে ৭০০ টকাকৈ জলপানি দিয়া ‘জ্ঞানদ্বীপিকা’ নামৰ আঁচনিখন ৰূপায়ণ কৰিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰৰ এই আঁচনিখনৰ বিষয়ে মন্ত্রী ড০ শর্মাই কয় যে ছাত্রাৱাসত থকা শিক্ষার্থীসকলে প্রতিমাহে ৭০০ টকাকৈ বছৰৰ ১০টা মাহত ৭,০০০ টকা লাভ কৰিব৷

এই জলপানিৰ পৰিমাণ ১৪০০ টকালৈ বৃদ্ধি কৰাৰ লক্ষ্য ৰাজ্য চৰকাৰৰ আছে বুলিও তেওঁ উল্লেখ কৰে৷ এই আঁচনিত প্রায় ২০,০০০ শিক্ষার্থী উপকৃত হ’ব৷ অহা এপ্রিল মাহৰ পৰা চিকিৎসা মহাবিদ্যালয় আৰু অভিযান্ত্রিক মহাবিদ্যালয়ৰ শিক্ষার্থীসকলক সামৰি লোৱা হ’ব বুলিও মন্ত্রী ড০ শর্মাই কয়৷

No comments:

Post a Comment

SPONSORED